শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া ? কেনেকৈ পালন কৰিব ব্ৰত ? জানক

WhatsApp Follow

শ্ৰীকৃষ্ণ জন্মাষ্টমী (Krishna Janmashtami 2022) এটা ডাঙৰ উৎসৱ । হিন্দু পঞ্জিকা অনুযায়ী ভাদ্ৰ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ইয়াক উদযাপন কৰা হয় । মথুৰা আৰু বৃন্দাবনত কৃষ্ণ জন্মাষ্টমীৰ অতি গুৰুত্ব আছে । ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণ (Lord Sri Krishna)ৰ জন্ম মথুৰাত হৈছিল আৰু শৈশৱ মথুৰা আৰু বৃন্দাবনত পাৰ কৰিছিল ।

শ্ৰীকৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশ আৰু বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয় । এই দিনটোত মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে । পণ্ডিত ইন্দ্ৰমণি শৰ্মাৰ পৰা জানি লওঁ আহক জন্মাষ্টমী ২০২২ কেতিয়া ? পূজা পদ্ধতি কি ?

জন্মাষ্টমী কেতিয়াঃ তাৰিখ আৰু সময়
এইবাৰ ২০২২ চনৰ ১৮ আগষ্টত পালন কৰা হ’ব কৃষ্ণ জন্মাষ্টমী । অষ্টমী তিথি অহা ১৮ আগষ্ট ২০২২ তাৰিখে নিশা ০৯:২০ বজাত আৰম্ভ হ’ব আৰু সমাপ্ত হ’ব ১৯ আগষ্ট ২০২২ তাৰিখে নিশা ১০:৫৯ বজাত ।

আৰু পঢ়ক
ধন বৃদ্ধি, ব্যৱসায়ত উন্নতি, বুধবাৰে এই ৭টা উপায়েৰে ভগৱান গণেশক পূজা কৰক !

শ্ৰী কৃষ্ণ জন্মাষ্টমী পূজা পদ্ধতি
কৃষ্ণ জন্মাষ্টমী ২০২২ অতি শুভ উৎসৱ হিচাপে গণ্য কৰা হয় । এই দিনটোত মানুহে এদিনীয়া ব্ৰত পালন কৰে- সাধাৰণতে কৃষ্ণৰ জন্মৰ দিনা এই ব্ৰত পালন কৰা হয় আৰু শ্ৰীকৃষ্ণৰ জন্ম উদযাপন কৰাৰ পিছত মানুহে ব্ৰত ভংগ কৰে । মাজনিশাৰ পিছত পূজা (janmashtami Puja) আৰম্ভ হয় ।
ইয়াৰ পিছত বিশেষকৈ কৃষ্ণক নতুন কাপোৰ পিন্ধাই দোলনাত বহিবলৈ দিয়া হয় । ভক্তি গীত গাই তেওঁক পূজা আৰু প্ৰাৰ্থনা কৰা হয়। ফল-মূল, মিঠাই আদি খাদ্য সামগ্ৰী ভগৱান শ্ৰীকৃষ্ণক প্ৰসাদ হিচাপে আগবঢ়ায় । মানুহে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা আগবঢ়োৱা প্ৰসাদ গ্ৰহণ কৰি ব্ৰত ভংগ কৰে ।

শ্ৰীকৃষ্ণ জন্মাষ্টমী উপবাস
শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ উপবাস (Janmashtami Brat)ৰ পূৰ্বে ৰাতি লঘু আহাৰ গ্ৰহণ কৰিব লাগে । বিশেষকৈ জন্মাষ্টমীৰ ব্ৰতত সূৰ্য, চন্দ্ৰ, যম, কাল, সন্ধি, ভূত, পৱন, দিকপতি, ভূমি, আকাশ, খেচৰ, অমৰ, ব্ৰহ্মাক প্ৰণাম জনাই পূব বা উত্তৰ দিশলৈ মুখ কৰি বহিব । ইয়াৰ পিছত ৰীতি-নীতিৰে পূজা কৰিব লাগে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া ? কেনেকৈ পালন কৰিব ব্ৰত ? জানক”

Leave a Comment