শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে !

Join Telegram

( When you go to the temple of Lord Shani, you should pay attention to this ) শনিদেৱৰ মন্দিৰলে গলে এই বিশেষ কথা মন কৰিব লাগে ! কথাসমূহ হৈছে –

১/ শনিদেৱৰ ওপৰত তেল অৰ্পণ কৰিব লাগে,কিন্তু এই কথা মন কৰিব লাগে যে-সেই তেল যাতে যতে ততে পৰিব নালাগে আৰু বেয়া তেল হব নালাগে।ভাল তেলৰ ব্যৱহাৰ কৰিব লাগে।যদি ছায়াদান কৰিছে-তেন্তে কেৱল তেলকে অৰ্পণ নকৰিব।পাত্ৰৰ সৈতে শনিদেৱৰ চৰণত অৰ্পণ কৰিব লাগে।

২/ কোৱা হয় যে-শনি মন্দিৰত শনিদেৱৰ প্ৰতিমাৰ চকুত চকু থৈ চাব নালাগে।দৰ্শন কৰিব লাগে,কিন্তু শনিদেৱৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ থাকিব লাগে।

৩/ শনিদেৱৰ মূৰ্তিৰ একেবাৰে ওচৰত ৰৈ কেতিয়াও প্ৰাৰ্থনা বা পূজা কৰিব নালাগে।

৪/ শনি মন্দিৰৰ বাহিৰত যদি কোনো দৰিদ্ৰ লোক থাকে-তেন্তুে নিশ্চয় সেইজনক দান কৰিব লাগে । দান কৰিব নোঁৱাৰিলেও তেওঁলোকৰ তিৰষ্কাৰ কৰিব নালাগে । তেওঁলোকৰ লগত সদায়ে ভাল ব্যৱহাৰ কৰিব লাগে ।

৫/ শনি মন্দিৰত কোনো ধৰণৰ সাংসাৰিক বাৰ্তা কৰিব নালাগে । মনেমনে নিজৰ পূজা বা প্ৰাৰ্থনা কৰাৰ পাছত মন্দিৰৰ চিৰিত কিছু সময় বহি ঘৰলৈ আহিব লাগে ।

৬/ শনিদেৱৰ পূজাত দিশৰ বিশেষ মহত্ব আছে । শনিদেৱক পশ্চিম দিশৰ স্বামী মনা হয় । সেইবাবে শনিদেৱৰ পূজা কৰাৰ সময়ত-এই কথা মন কৰিব লাগে যে-আপোনাৰ মুখ পশ্চিম দিশৰ ফালে হব লাগে । সেইবাবে শীলাৰূপে শনিদেৱ সেইফালে যাব ।

৭/ শনিদেৱে ৰঙা ৰং পচন্দ নকৰে । সেইবাবে শনিদেৱৰ পূজাত ভুলটো ৰঙা ফুল বা ৰঙা বস্তু ব্যৱহাৰ কৰিব নালাগে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

2 thoughts on “শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে !”

Leave a Comment