কালীৰ মূৰ্তি সদায়ে উলংগ কিয় ? শাস্ত্ৰই কি কয় ?

WhatsApp Follow

কালী পূজাৰ প্ৰাকক্ষণত এটা বিষয়লৈ মন কৰেনে ? অন্যান্য প্ৰতিমাৰ দৰে কালীৰ প্ৰতিমাক বস্ত্ৰ পৰিধান কৰোৱা নহয়। কালীৰ মূৰ্তি সদায়ে উলংগ। সকলো দেৱতাকে বস্ত্ৰ পৰিধান কৰোৱা হয় যদিও কালীৰ প্ৰতিমাত কিয় বস্ত্ৰ পৰিধান কৰোৱা নহয় ! ইয়াৰ কাৰণ সম্পৰ্কে হিন্দু শাস্ত্ৰত বিস্তৃতৰূপত উল্লেখ আছে।

কালী দেৱীৰ বহুকেইটা ৰূপৰ কথা শাস্ত্ৰত উল্লেখ আছে। দক্ষিণাকালী, ভদ্ৰকালী, সিদ্ধকালী, গুহ্যকালী আদি নামেৰে কালীক পূজা কৰা হয়। সকলোবোৰৰ মাজত দক্ষিণাকালীৰ ৰূপকেই সৰ্বাধিক পূজা কৰা হয়। এই ৰূপত দেৱীৰ হাতত থাকে এটা ছিন্ন নৰমুণ্ড। আনখন হাতত তৰোৱাল। দেৱীৰ গাৰ বৰণ কলীয়া মেঘৰ দৰে। দিগম্বৰী ৰূপেৰেই আৰাধনা কৰা হয় মা কালীক।

উল্লেখ্য যে কালী আদিশক্তি। তেওঁ কাল বা সময়তকৈ ওপৰত। এই অনন্তকালক কাপোৰে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। সেয়ে কালী দেৱী সদায়ে নগ্ন। আনহাতে আন একাংশই কয়, কালী হৈছে শক্তিৰ প্ৰতীক। শক্তিক কোনো আৱৰণেৰে আবদ্ধ কৰিব নোৱাৰি। সেয়ে নগ্ন ৰূপতেই এই শক্তিক পূজা কৰা হয়। ভাৰতীয় সেৱাশ্ৰম সংঘই প্ৰকাশ কৰা গ্ৰন্থ ‘দুই দেৱী’ ত কালীৰ এই ৰূপৰ বিস্তৃত বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনত স্বামী নিৰ্মলানন্দই লিখিছে, ‘তেওঁ বিশ্বতে বিৰাজমান। অৰ্থাৎ বিশ্বমাতা। তেওঁৰ আভূষণৰ যোগ্য বস্ত্ৰ ক’ত পোৱা যাৱ ?


আৰু পঢ়ক
>> কেৱল সোণেই নহয়, ধনতেৰাছত কিনিব লাগে ঝাড়ু ! সেইদিনা কিয় ঝাড়ু কিনাৰ পৰামৰ্শ দিয়া হয় ?
>> মঙলবাৰে কৰক এই ৫টা বিশেষ কাম, ৰামভক্ত হনুমানৰ কৃপাত সকলো সমস্যা নিশ্চয় শেষ হ’ব


ইপিনে দক্ষিণাকালীৰ ৰূপৰ বিষয়ে শাস্ত্ৰত থকা অনুযায়ী কালীয়ে তেওঁৰ বাওঁ ভৰিখন স্বামী শিৱৰ বুকুত ৰাখিছে। সেই সময়তেই কালী বিবস্ত্ৰা। তেওঁ সেই সময়ত ডিঙিত পৰিধান কৰিছে নৰমুণ্ডৰ মালা। কোৱা হয় সৃষ্টি আৰু ধ্বংসৰ মাজত ক্ৰিয়াশীল যি শক্তি সেয়া কালজয়ী। এই শক্তিৰ জীৱন্ত প্ৰতীক মা কালী। সেয়ে কালীক কোনো আৱৰণেই ঢাকি ৰাখিব নোৱাৰে। তেওঁ দিগম্বৰী। কালীৰ দিগম্বৰ ৰূপে সৃষ্টি, স্থিতি, প্ৰলয়ৰ প্ৰতীক বুজায়। যোনী য়ে সৃষ্টি, স্তনদ্বয়ে স্থিতি আৰু ওলাই থকা জিভাখনে প্ৰলয়ৰ প্ৰতীক বুজায়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “কালীৰ মূৰ্তি সদায়ে উলংগ কিয় ? শাস্ত্ৰই কি কয় ?”

Leave a Comment