পিঁয়াজৰ বাকলিখিনি পেলাই নিদিয়াকৈ এই কামত ব্যৱহাৰ কৰিব পাৰে !

WhatsApp Follow

ৰন্ধা বঢ়াত পিঁয়াজ এটা প্ৰধান উপাদান। পাকঘৰত পিঁয়াজ অবিহনে ৰন্ধা-বঢ়া কৰাটো কঠিন হৈ পৰে। পিঁয়াজৰ স্বাস্থ্য উপকাৰীতাৰ বিষয়ে সকলোৱে কম বেছি পৰিমাণে জানে। পিঁয়াজ যেনেকৈ উপকাৰী, পিঁয়াজৰ বাকলিও স্বাস্থ্যৰ বাবে সমানেই উপকাৰী। গতিকে আজি মই আপোনালোকক পিঁয়াজৰ বাকলি পুষ্টিকৰ বিষয়ে জনাম –

পিঁয়াজৰ বাকলিত ভিটামিন এ, চি, ই, এন্টি-ফাংগেল আৰু এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰিও ইয়াত ফাইবাৰ আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। বিভিন্ন গৱেষণাৰ মতে, পিঁয়াজৰ বাকলিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, তেজত শৰ্কৰাৰ মাত্ৰা বজাই ৰাখে আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।

ভাৰতীয় পুষ্টিবিদ শিল্পা আৰোৰাৰ মতে, পিঁয়াজত স্বাস্থ্যকৰ উপাদান যেনে, ইয়াৰ বাকলিতো পুষ্টিকৰ উপাদান থাকে। আপুনি ইচ্ছা কৰিলে খাদ্যত পিঁয়াজৰ বাকলিৰ চাহ অন্তৰ্ভুক্ত কৰিব পাৰে। ই ডিটক্স ড্ৰিংক হিচাপে কাম কৰে। কিন্তু ব্যৱহৃত পিঁয়াজ ৰাসায়নিক পদাৰ্থমুক্ত হোৱাটো নিশ্চিত কৰক।

পিঁয়াজৰ বাকলি কিছুমান পানীত মিহলাই ১০-২০ মিনিট উতলাই ল’ব। তাৰ পিছত পানীখিনি চেকি অলপ গৰম কৰি খাব লাগে। ইয়াত থকা এন্টি-ইনফ্লেমেটৰী উপাদানসমূহে আপোনাক পেশীৰ বিষৰ পৰা তৎক্ষণাত সকাহ দিব।

বহুতে নিয়মিতভাৱে অনিদ্ৰাৰ বাবে টোপনিৰ বড়ি সেৱন কৰে। যিটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক। এই ক্ষেত্ৰত পিঁয়াজৰ বাকলিও ফলপ্ৰসূ। পিঁয়াজৰ বাকলি ১৫ মিনিট উতলাই ল’ব। তাৰ পিছত চাহ বনাই খাব। শুই উঠাৰ আগতে নিয়মীয়াকৈ এই চাহ খালে অনিদ্ৰাৰ পৰা মুক্তি পাব।


আৰু পঢ়ক
>> কিহৰ অভাৱত চুলি পকে ? পকা চুলি ৰোধ কৰাৰ সহজ উপায়বোৰ কি কি ?
>> আপোনাৰ Kidney ত পাথৰ হৈছে আপুনি কেনেকৈ জানিব ?


পিঁয়াজৰ বাকলিয়ে চুলিত প্ৰাকৃতিকভাৱে ৰং কৰে। ইয়াৰ বাবে বাকলিখিনি পানীত ১ ঘণ্টা উতলাই ল’ব লাগে। সেই পানী ৰাতিটোৰ বাবে থৈ দিব। পিছদিনা চুলিত লগাই আধা ঘণ্টা পিছত ৰাখি ধুই পেলাব লাগে। পিঁয়াজৰ বাকলিত এন্টি-ফাংগেল গুণ আছে। যিয়ে ছালৰ খজুৱতি আৰু ফোহা দূৰ কৰে। ইয়াৰ বাবে পিঁয়াজৰ খোলাৰ উতলা পানী ঠাণ্ডা কৰি ছালত ব্যৱহাৰ কৰিব লাগে।

চূপ, ষ্টক আৰু গ্ৰেভি বনাওঁতে পিঁয়াজৰ বাকলি দিব। এনে কৰিলে গ্ৰেভি ঘন হৈ পৰিব। অলপ সময় উতলাই বাকলিটো আঁতৰাবলৈ নাপাহৰিব। ইচ্ছা কৰিলে পিয়াঁজৰ বাকলিৰ উতলা পানী ফ্ৰীজত ৰাখিব পাৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।