এখন চহৰত দুজন বন্ধু আছিল। এদিন দুয়োজনে মিলি সমুদ্ৰৰ পাৰত শংখ বুটলিবলৈ বুলি গৈছিল…

WhatsApp Follow

এখন চহৰত দুজন বন্ধু আছিল। এদিন দুয়োজনে মিলি সমুদ্ৰৰ পাৰত শংখ বুটলিবলৈ বুলি গৈছিল। যাতে সেই শংখবোৰ বিক্ৰী কৰি তেওঁলোকে নিজৰ বাবে কিছু ধন উপাৰ্জন কৰিব পাৰে। শংখ বিচাৰি থাকোতেই প্ৰথম বন্ধুজনে এটা ডাঙৰ শংখ পালে আৰু তাকে দেখি দ্বিতীয় বন্ধুজনে ভাবিলে “সি দেখোন ডাঙৰ শংখ পাই গ’ল, এতিয়াটো সি মোতকৈ বেছি টকা পাব। সেইকাৰণে এতিয়া মই তাৰটোতকৈও বেছি ডাঙৰ শংখ বিচাৰিব লাগিব যাতে তাতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰো ” এনেকৈ সি ডাঙৰ শংখ বিচৰাত লাগিল।

আৰু সেয়া ভাবি বিচাৰি থাকোতে সি যিমান সৰু সৰু শংখ পালে সকলোবোৰ আওকাণ কৰি পেলাই যাবলৈ ধৰিলে। কাৰণ তাৰ মগজুত মাত্ৰ এটাই কথা চলি আছিল যে যেনেকৈ নহওক সি ডাঙৰ শংখ এটা বিচাৰিবই। ডাঙৰ শংখৰ সন্ধানত পুৱাৰ পৰা আবেলি হ’ল, আবেলিৰ পৰা ৰাতি হ’ল, কিন্তু সি নিজৰ কামত সফল নহ’ল । ডাঙৰ শংখতো নাপালেই , তদুপৰি সি তো সৰু সৰু শংখবোৰো যিহেতু পেলাই দিছিল গতিকে সময়ৰ অন্তত সি খালী হাতে উভতিবলগীয়া হ’ল।

ইফালে প্ৰথম বন্ধুজনে ডাঙৰ শংখটো পোৱাৰ লগতে আন সৰু সৰু বহুশংখ সংগ্ৰহ কৰি লৈছিল। ঘৰলৈ উভতাৰ পথত তেওঁ সেই শংখবোৰ বিক্ৰী কৰিছিল আৰু ডাঙৰ শংখটোৰ বাবদ ১০০০ আৰু সৰু সৰু শংখবোৰৰ বাবদ ৩০০০ টকা উপাৰ্জন হৈছিল। ইয়াকে দেখি দ্বিতীয় বন্ধুজনে বহুত দুখ পালে আৰু উপলব্ধি কৰিলে “যদি মই ডাঙৰ শংখৰ লোভত সৰু সৰু শংখবোৰ পেলাই নিদিলোহেতেন তেন্তে এতিয়া মোৰ হাতত তাতকৈও অধিক ধন থাকিলহেতেন।” তেতিয়া প্ৰথম বন্ধুজনেও তাক ক’বলৈ ধৰিলে “যিবোৰ সৰু সৰু শংখ তই পায়ো পেলাই দিছিলি, সেই শংখখিনিয়েই সংগ্ৰহ কৰি মই এই ৩০০০ টকা পালোঁ। ” সেই কথা শুনি দ্বিতীয় বন্ধুজন আৰু অধিক নিৰাশ হ’ল…

এই কাহিনীটোৰ মূল উদ্দেশ্য এটাই, আমি কিবা এটা ডাঙৰ পোৱাৰ স্বাৰ্থত জীৱনৰ বহু সৰু সৰু সুখ বা বহু সৰু সৰু সুযোগ হাতৰ পৰা এৰি দিওঁ। দৈনন্দিন জীৱনত বহু সৰু সৰু কথা আমি গুৰুত্ব নিদিওঁ। কিন্তু আপুনি ভাবিবও নোৱাৰে এই সৰু সৰু কথাবোৰেই এদিন আপোনাৰ বাবে ডাঙৰ সুযোগ বা ডাঙৰ সুখ হৈ পৰিব পাৰে। সেইবাবে অধিক পোৱাৰ আশাত সৰু সুযোগ বা সুখবোৰ আওকাণ নকৰিব।

মই আপোনাক এইটো ক’ব খুজা নাই যে সৰু সপোন দেখক আৰু সৰু কাম কৰক। মই মাত্ৰ ক’ব বিচাৰিছোঁ সপোন নিশ্চয়কৈ ডাঙৰ দেখক, কিন্তু তাক বাস্তবায়িত কৰাৰ পথত প্ৰতিটো সৰু সৰু কামো সমানেই গুৰুত্বপূৰ্ণ।

দুয়োজন বন্ধুৰেই লক্ষ্য এটাই আছিল… টকা । প্ৰথম বন্ধুজনে ডাঙৰটোতো গুৰুত্ব দিছিল আৰু সমানেই সৰু সৰু বোৰতো গুৰুত্ব দিছিল। কিন্তু দ্বিতীয় জনে কেৱল ডাঙৰত গুৰুত্ব দিলে সৰু সৰুবোৰ আওকাণ কৰি গ’ল । য’ত দ্বিতীয়জনে আচলতে বেছি টকা পালেহেঁতেন, নিজৰ ভুলৰ বাবে খালীহাতেৰে উভতিবলগীয়া হ’ল।
শেষত মাত্ৰ এটা কথাই ক’ম, সৰু সৰু সাল-সলনি বোৰেই ডাঙৰ সফলতাৰ কাৰণ হ’ব পাৰে।

যদি এই কাহিনীটো ভাল লাগে তেনেহলে আমাৰ ফেচবুক পেজখন ফলো কৰিব দিব…
https://www.facebook.com/jibonorshongram

Leave a Comment