কলিযুগত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ’ল জটায়ু পক্ষী ! ভিডিঅ’ ভাইৰেল

WhatsApp Follow

উত্তৰ প্ৰদেশৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। বহুলোকে এই ঘটনাটোক বিশ্বাস কৰিব পৰা নাই। কানপুৰৰ বেনাজাবৰ অঞ্চলত এনে এটা চৰাই পোৱা গৈছে যিটোক মানুহে ৰামায়ণ কালৰ সৈতে সংযোগ স্থাপন কৰিছে।

দৰাচলতে বেনাজাবৰ ঈদগাহ সমাধিক্ষেত্ৰৰ ওচৰত এটা বিৰল হিমালয়ৰ গ্ৰিফন শকুন উদ্ধাৰ কৰা হৈছে।এই চৰাইটো দেখিবলৈ জাটায়ু পক্ষীৰ দৰে। এই চৰাইটোক ১৫ দিনৰ বাবে এলন ফৰেষ্ট চিৰিয়াখানাৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

জিলা বন বিষয়া গৰাকীয়ে কৈছিল যে শকুনটোক চিৰিয়াখানাৰ চিকিৎসালয়ত ১৫ দিনৰ বাবে সংৰক্ষণ কৰা হৈছে। হিমালয়ৰ কেইবাটা অঞ্চলটো বহু কেইটা শকুন দেখা পোৱা গৈছে। বেনাঝাৰ অঞ্চলত থকা এই শকুনবোৰৰ সন্ধান চলাই থকা হৈছে।

চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ নাছিৰ জাইদীয়ে কৈছিল যে বন্দী হিমালয়ৰ শকুনটোক আন চৰাইৰ পৰা পৃথকে চিকিৎসালয়ৰ চৌহদত ৰখা হৈছে। “ইয়াৰ ওজন প্ৰায় ৮ কিলোগ্ৰাম। চিকিৎসকৰ এটা দলে বিৰল শকুনটো নিৰীক্ষণ কৰি আছে।

চিৰিয়াখানাত ইতিমধ্যে চাৰিটা হিমালয়ৰ গ্ৰিফন শকুন আছে।কিছুমান লোকে বেনাজাবৰ ঈদগাহত এই শকুনটো দেখিছিল,শকুনে উৰিব পৰা নাছিল। পিছত স্থানীয় লোক সকলে লগে লগে বন বিভাগক খবৰ দিয়ে।

Leave a Comment