গুৱাহাটীৰ পৰা খোজকাঢ়ি ৯৯ দিনৰ অন্তত কেদাৰনাথত উপস্থিত হ’ল এইজন ব্যক্তি

WhatsApp Follow

এক দুঃসাহসিক অভিযান আৰম্ভ কৰি অজয়ে গুৱাহাটীৰ পৰা পদব্ৰজে যাত্ৰা কৰি ৯৯ দিনৰ অন্তত গন্তব্যস্থান পবিত্ৰ কেদাৰনাথত সফলতাৰে উপস্থিত হয়।

উল্লেখযোগ্য যে, গোটেই যাত্ৰাটোত তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম – ইনষ্টাগ্ৰাম (@ajaydey20) আৰু ইউটিউবত খোজকাঢ়ি যোৱাৰ মনোমোহা ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু তেওঁৰ অদম্য দৃঢ়তা আৰু দুৰ্বাৰ সাহসৰ বাবে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

অজয় দে’ এজন দক্ষ কৰিঅ’গ্ৰাফাৰ হোৱাৰ উপৰিও অজয়ে নিজৰ ইনষ্টাগ্ৰাম বায়’ত নিজকে এজন অংশকালীন এক্সপ্ল’ৰাৰ হিচাপে পৰিচয় দি ভ্ৰমণৰ প্ৰতি থকা তেওঁৰ আবেগক প্ৰকাশ কৰিছে। যোৱা ১৫ মে’ৰ পৰা তেওঁ একক অভিযান আৰম্ভ কৰি তেওঁ বাটত যথেষ্ট প্ৰত্যাহ্বান আৰু বাধা অতিক্ৰম কৰি লক্ষ্য স্থানত সফলভাৱে উপস্থিত হয়।

অৱশ্যে অজয়ে নিজৰ যুঁজাৰু মনোভাৱ প্ৰদৰ্শন কৰি সংকল্পবদ্ধ আৰু অধ্যৱসায়ী হৈয়েই থাকিল। ২১ আগষ্টত পবিত্ৰ কেদাৰনাথ মন্দিৰত সফলতাৰে উপস্থিত হোৱাৰ লগে লগে তেওঁৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমে সফলতাৰ মুখ দেখে।

Leave a Comment