জোৰ কৰি সম্পর্ক ধৰি ৰখাৰ একো প্রয়োজন নাই, সম্পূর্ণ পঢ়ক –

WhatsApp Follow

আপুনি যাক আটাইতকৈ প্ৰিয় মানুহ বুলি ভাবি বাৰে বাৰে ফোন কৰি থাকে, কিন্তু সেইজনে আপোনাৰ ফোন কল ৰিছিভ ক’ৰা নাই। হয়তো সেইজনে আপোনাৰ লগত কোনো ধৰণৰ সম্পৰ্কই ৰাখিব বিচৰা নাই, তেতিয়া নিজে মন বেয়া নকৰিব। মানুহ এজন যদি আপোনাৰ লগত কথা পাতিব বিচৰা নাই, তেতিয়া হ’লে জোৰ কৰি কাৰোবাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰিব। সেইজন যিমানে প্ৰিয় বন্ধু বা আপোন মানুহ নহওঁক কিয়, তথাপিওঁ সেইজনক বাৰে বাৰে ফোন বা মেছেজ কৰি বিৰক্ত বা আমনি ক’ৰাৰ প্ৰয়োজন নকৰিব।

কাৰণ আপুনি যিজন মানুহক আটাইতকৈ প্ৰিয় মানুহ বা আপোন মানুহ বুলি ভাবে সেইজনে এতিয়া হয়তো আপোনাক আৰু প্ৰিয় বা আপোন মানুহ বুলি নাভাবে। এজন মানুহ যদি নিজে নিজে সলনি হ’ব পাৰে, আপুনিও সেই সলনিক মানি লৈ নিজে নিজে সলনি হৈ যাওঁক, কাৰণ জোৰ কৰি কাৰোবাৰ পৰা গুৰুত্ব, সন্মান তথা ভালপোৱা বিচাৰি লোৱা নাযায়। জোৰ কৰি ল’ব বিচাৰিলে অৱহেলিত আৰু গুৰুত্বহীন হ’ব লাগে।

গতিকে আপুনি যিজনৰ ওচৰত আপোনাৰ ভালপোৱা, সন্মান আৰু গুৰুত্ব হেৰুৱাই পেলাইছে সেইজনৰ ওচৰত বাৰে বাৰে গৈ নিজৰ আত্মসম্মানটো কেতিয়াওঁ হেৰুৱাই নেপেলাব। এজন মানুহৰ আত্মসন্মানে আটাইতকৈ ডাঙৰ বস্তু আৰু যেতিয়া মানুহ এজনৰ আত্মসন্মান হেৰাই যায় তেতিয়া মানুহজনৰ সৰ্বোচ্চ হেৰাই যায়। সেয়ে সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত কেতিয়াও নিজৰ আত্মসন্মানত আঘাত পৰা কাম কেতিয়াও নকৰিব। আপুনি যাক প্ৰিয় বা আপোন বুলি ভাবি বাৰে বাৰে ফোন কৰিছে কিন্তু আপোনাৰ ফোন কল ৰিছিভ ক’ৰা নাই বা আপোনাক গুৰুত্ব দিয়া নাই। হয়তো আপোনাৰ ফোন কলটো যেতিয়া আপোনাৰ প্ৰিয় মানুহজনৰ মোবাইলত বাৰে বাৰে বাজি উঠিছে, তেতিয়া হয়তো সেইজনে মনে মনে ভাবি আছে কিয় বাৰ বাৰ আমনি কৰি আছে।

গতিকে নিজে কেতিয়াও আনৰ ওচৰত আমনিদায়ক নহব। লগতে আপোনাৰ ফোন কলত বা আপোনাৰ মেছেজত কোনেও যাতে আমনি নাপায়। তেতিয়া হয়তো আপোনাৰ প্ৰিয়জন বা আপোনজনে কেতিয়াও বিৰক্ত প্ৰকাশ কৰিব নোৱাৰিব। কাৰোবাৰ লগত জোৰ কৰি কোনো সম্পৰ্ক চিৰস্থায়ী ক’ৰা নাযায়, কাৰণ প্ৰতিজন মানুহৰে নিজৰ নিজৰ পছন্দ-অপছন্দ থাকে, আৰু আপুনি যদি জোৰ কৰি কাৰোবাৰ পছন্দৰ তালিকাত সোমাই পৰে সেইটো হৈছে আপোনাৰ নিজৰ আত্মসন্মান বিক্ৰী কৰি দিয়া।

Aminul Hoque
Facebook Page : আমি অসমীয়া

Leave a Comment