জাপানৰ সম্ৰাট য়ামাতুৰ এজন মন্ত্ৰী আছিল। নাম য়’চছান। তেওঁলোকৰ পৰিয়ালটো মিলাপ্ৰীতি আৰু সৌহাদ্যৰ বাবে বিখ্যাত আছিল। এই পৰিয়ালটোত প্ৰায় ১০০০ সদস্য আছিল কিন্তু তেওঁলোকৰ মাজত একতাৰ ভাৱ খুব সবল আছিল। সকলোৱে সদায় একেলগে থাকি একেলগেই আহাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ মাজত কেতিয়াও কাজিয়া হোৱা নাছিল। য়’চছানৰ পৰিয়ালটোৰ এই কাহিনী সম্ৰাট য়ামাতুৰ কাণতো পৰিছিল। কিন্তু ইমান ডাঙৰ এটা পৰিয়ালত কেতিয়াও একো সংঘাত নোহোৱা কথাটো তেওঁ বিশ্বাস কৰা নাছিল। সেয়ে তাৰ প্ৰমাণ চাবলৈ নিজেই এদিন য়’চছানৰ ঘৰত উপস্থিত হ’লগৈ।
অতিথিৰ আদৰ সৎকাৰ সকলো হোৱাৰ পিছত সম্ৰাটে মন্ত্ৰীক সুধিলে, “মহাশয় মই শুনিছো আপোনাৰ এই ১০০০ সদস্য থকা পৰিয়ালটোত কোনোদিনেই কাৰো মাজত কাজিয়া পেচাল হোৱা নাই। ইমান মিল আৰু অটুট সম্বন্ধ আপুনি কেনেকৈ ধৰি ৰাখিছে ? ” য’চছানে নিজৰ বৃদ্ধাৱস্থাৰ বাবে বেছি সময় ধৰি কথা কৈ থাকিব নোৱাৰে। গতিকে তেওঁ নিজৰ এজন নাতিক কলম-কাগজ আনিবলৈ ইংগিত দিলে। তাৰ পিছত তেওঁ কঁপা কঁপা হাতেৰে সেই কাগজত প্ৰায় ১০০ টা মান শব্দ লিখি সম্ৰাটলৈ আগবঢ়াই দিলে।
সম্ৰাটে কাগজখন পঢ়ি আচৰিত হ’ল তাত ১০০ বাৰ এটা শব্দই লিখা আছিল। সহনশীলতা। য়’চছানে ক’লে , “সম্ৰাট, মোৰ পৰিয়ালৰ একতাৰ ৰহস্য মাথোঁ এটাই। সহনশীলতা। এই মহামন্ত্ৰটো যিমান বাৰ দোহাৰিম সিমানেই ইয়াৰ ফল পাম।” বন্ধু সকল, আমাৰ জীৱনবোৰত চালেও আমি দেখা পাম যে আমাৰ পৰিয়ালবোৰৰ মাজত হোৱা কন্দলৰ মূল কাৰণো হৈছে সহনশীলতাৰ অভাৱ।
আমি প্ৰায়েই সৰু সৰু কথা বোৰত উত্তেজিত হৈ পৰো আৰু নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই দিওঁ। কোনেওবাই কিবা এটা ক’বলৈ নাপায়েই, আমি উত্তৰ দিবলৈ সাজু থাকো। কাৰোৰে পৰা নিজৰ বিষয়ে এষাৰো নেতিবাচক কথা শুনিব নোৱাৰোঁ। যেতিয়া কোনোবাই আমাক কিবা এটা বেয়াকৈ কয়, আমি লগে লগেই উত্তৰ দিওঁ কিন্তু এবাৰো ১ মিনিট ধৈৰ্য ধৰি এইটো জানিবলৈ চেষ্টা নকৰোঁ যে আচলতে তেওঁ তেনেকৈ কোৱাৰ আঁৰত কিবা কাৰণ আছে নেকি ? নে তেওঁ কিবা সমস্যাত পৰি তেনেকৈ কৈছে ? এই স্বভাৱটোৰ বাবে পৰিয়ালৰ কন্দল বেছিকৈ হয়।
মন্ত্ৰী য়’চছানে যি সহনশীলতাৰ কথা কৈছে তাৰ অৰ্থ হৈছে, সেই সময়ত মনে মনে থকা যি সময়ত পৰিয়ালৰ আন এজন সদস্য উত্তেজিত হৈ আছে । এজনৰ খং উঠি থকা সময়খিনিত যদি আনজনে সহনশীলতাৰে কথাখিনি শুনে বা প্ৰত্যুত্তৰ দিয়াৰ সলনি মনে মনে সেই ঠাইৰ পৰা আঁতৰি যায়, তেন্তে কেতিয়াও সেই কাজিয়া বৃদ্ধি নহয়। সহনশীলতাৰ শব্দগত অৰ্থ হৈছে শৰীৰ আৰু মনৰ অনুকূলতা আৰু প্ৰতিকূলতাক সহ্য কৰা। অৰ্থাৎ বিপৰীত পক্ষই আপোনাৰ বিষয়ে কোৱা নেতিবাচক কথাও ধৈৰ্য সহকাৰে শুনা। যদি পৰিয়ালত এজনে আনজনৰ কথাবোৰ ধৈৰ্য্যৰে সম্পূৰ্ণকৈ শুনাৰ ক্ষমতা থাকে, তেন্তে সদস্যসকলৰ মাজত কন্দল হোৱাৰ সম্ভাৱনা প্ৰায় নাথাকেই।
যেতিয়া কাৰোবাৰ কথা মাজতে কাটি তাৰ প্ৰত্যুত্তৰ দিবলৈ লাগি যোৱা হয়, তেতিয়া তেওঁৰ এনে অনুভৱ হয় যেন তেওঁৰ কথাষাৰ গুৰুত্ব দিয়া নাই আৰু এনে অৱস্থাত সেই মানুহজনৰ আত্মসন্মান খঙলৈ পৰিৱৰ্তিত হয়। সেইবাবে পৰিয়ালত শান্তি বজাই ৰখাৰ একমাত্ৰ উপায় হৈছে প্ৰতিজন সদস্যৰ কথাক মহত্ব দিয়া আৰু সকলোৰে দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰা। সহনশীলতাৰ অবিহনে এয়া অসম্ভৱ।