পান খোৱাৰ এই ৫ টা উপকাৰৰ বিষয়ে জানক –

আমাৰ দেশত পান খোৱাটো অতি সাধাৰণ কথা। অসমত আহাৰ খোৱাৰ পিছত পান খোৱাটো এটা পৰম্পৰা। পান বহু ৰঙত পোৱা যায়। কিছুমান গাঢ় সেউজীয়া আৰু কিছুমান পাতল সেউজীয়া । সাধাৰণতে মানুহে ইয়াক ভুল অভ্যাস বুলি গণ্য কৰে কিন্তু সকলো বস্তুৰ দৰেই ইয়াৰ কিছু উপকাৰ আছে।

অৱশ্যে পান খোৱাৰ পিছত ইফালে সিফালে থু পেলোৱাটো এটা অতি বেয়া অভ্যাস আৰু পান খোৱাসকলে সদায় মনত ৰাখিব লাগে যে পান খোৱাৰ পিছত ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু কোনো দেৱাল আৰু পথৰ ব্যৱহাৰ নহয়।পান খোৱা লোকৰ ভিতৰত দুই এজনেহে জানে যে ইয়াক খোৱাৰ কিছু উপকাৰিতা আছে –

১/ হজম শক্তিত সহায় কৰে
পান হজম শক্তিৰ বাবে উপকাৰী। ই খাদ্যক সৰু সৰু টুকুৰাত ভাঙি পেলোৱাৰ কাম কৰে। কোষ্ঠকাঠিন্য ৰোগত আক্ৰান্ত লোকৰ বাবেও পান খুব উপকাৰী। গেষ্ট্ৰিক আলচাৰ নিৰাময়ৰ ক্ষেত্ৰতো পান খোৱাটো অতি উপকাৰী।

২/ মুখৰ স্বাস্থ্যৰ বাবে
পানত এনে বহু উপাদান থাকে যিয়ে বেক্টেৰিয়াৰ প্ৰভাৱ কমোৱাত সহায় কৰে। যিসকলৰ মুখৰ দুৰ্গন্ধ ওলায় তেওঁলোকৰ বাবে পান সেৱন কৰাটো অতি উপকাৰী। ইয়াত ব্যৱহৃত মছলা যেনে লৱণ, কেটেচু আৰু ইলাচিও মুখখন সতেজ কৰি ৰখাত সহায় কৰে। পান খোৱা লোকৰ এস্কৰবিক এচিডৰ মাত্ৰাও স্বাভাৱিক হৈ থাকে, যাৰ বাবে মুখৰ বহু ৰোগৰ সম্ভাৱনা কমি যায়।

৩/ দাঁতৰ আঁলু ফুলিলে বা গোট খালে
দাঁতৰ আঁলুত গোট বা ফুলা হ’লে পানৰ ব্যৱহাৰ অতি উপকাৰী। পানত পোৱা মৌলবোৰে এই উখহি উঠা অংশ কমোৱাৰ কাম কৰে।

৪) সাধাৰণ ৰোগ আৰু আঘাতৰ ক্ষেত্ৰত
যদি আপোনাৰ চৰ্দি হৈছে, তেন্তে পান আপোনাৰ বাবে উপকাৰী হ’ব। ইয়াক মৌৰ লগত মিহলাই খালে উপকাৰ হয়। ইয়াৰ লগতে পানত থকা বিষনাশক গুণে মূৰৰ বিষতো সকাহ দিয়ে। আঘাতৰ ক্ষেত্ৰত পান সেৱনে ঘাঁ ভাল হোৱাত সহায় কৰে।

৫/ যৌন উত্তেজনা বৃদ্ধি কৰাত
যৌন উত্তেজনা বৃদ্ধিতো পানে সহায় কৰে। অন্তৰংগ মুহূৰ্তবোৰক অধিক সুখদায়ক কৰি তুলিবলৈ পানৰ ব্যৱহাৰ কৰিব পাৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

CopyAMP code

1 thought on “পান খোৱাৰ এই ৫ টা উপকাৰৰ বিষয়ে জানক –”

Leave a Comment