বাল্য বিবাহক লৈ চলি থকা অভিযান সন্দৰ্ভত কি ক’লে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ?

WhatsApp Follow

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে ৰাজ্যৰ আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। বাল্য বিবাহৰ গোচৰত শনিবাৰৰ পুৱালৈকে ২১৭০ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে দৰা আৰু তেওঁৰ পৰিয়ালৰ লোকৰ লগতে বিবাহ কৰোৱা পুৰোহিত আৰু মৌলৱী।

অসম আৰক্ষীৰ পদক্ষেপক বিভিন্ন ৰাজনৈতিক দল-সংগঠনে চোকা ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানক সমৰ্থন আগবঢ়াইছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

এক সাংস্কৃতিক অনুষ্ঠানত অংশ ল’বলৈ গৈ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ সংবিধানৰ মতে বাল্য বিবাহ পূৰ্বৰে পৰা এক অপৰাধ। গতিকে এই ক্ষেত্ৰত চৰকাৰে যি প্ৰচেষ্টা-পদক্ষেপ হাতত লৈছে তাক শলাগ লৈছো’। অভিনেত্ৰীগৰাকীয়ে লগতে বাল্য বিবাহ বন্ধ হ’ব লাগে বুলিও মন্তব্য কৰে।

উল্লেখ্যে যে যোৱা ২৩ জানুৱাৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্ত অনুসৰিয়েই ২ ফেব্ৰুৱাৰিৰ নিশাৰ পৰা বৰ্তমান পৰ্যন্ত ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰ ৰূপত চলি আছে।

শনিবাৰে অসম আৰক্ষীৰ মুখপাত্ৰ প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, ‘বাল্য বিবাহ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাই আছে। আজি ৰাতিপুৱালৈকে আৰক্ষীয়ে ২১৭০ গৰাকী গ্ৰেপ্তাৰ কৰিছে’।

Leave a Comment