বিয়াৰ স্বাস্থ্যৰ বাবে বেয়া নেকি ? নে ইয়াৰ কিছুমান ভাল দিশও আছে !

WhatsApp Follow

আগষ্ট মাহত আন্তঃৰাষ্ট্ৰীয় বিয়েৰ দিৱস পালন কৰা হয়। আৰু ৭ ছেপ্টেম্বৰত বিয়েৰ প্ৰেমিক দিৱস। বহুতে বিয়াৰ খাই ভাল পায়। ইয়াত এলক’হলৰ পৰিমাণ কম হোৱাৰ বাবে বহুতে ইয়াক পান কৰি ভাল পায়। কিন্তু একে সময়তে বহুতে বিয়াৰ খোৱাটো ঠিক নহয় বুলি ভাবে। ই বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু বিশেষজ্ঞসকলে কি কয় ? ক্ষতি ? নে কোনো গুণ আছে ?

বিশেষজ্ঞৰ পৰামৰ্শ মানি চলি মধ্যমীয়াকৈ বিয়াৰ খালে বৃক্কৰ স্বাস্থ্য উন্নত হ’ব পাৰে। ফিনলেণ্ডত কৰা এক অধ্যয়ন অনুসৰি বিয়াৰ খোৱাৰ ফলত আন মদ্যপানৰ তুলনাত বৃক্কৰ বাবে কম ক্ষতিকাৰক হয়। বিয়াৰ খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। কিন্তু কোনো কাৰণতে দিনটোত এটা গিলাচতকৈ বেছি নহয়।

বিয়াৰ খোৱাটোৱে মনটোক সজীৱ কৰি তোলে। মনৰ শান্তি দিয়ে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে বিয়েৰে মানুহৰ সুখ বৃদ্ধি কৰে। এই পানীয়ে মানসিক চাপ কমোৱাতো সহায় কৰে।

শৰীৰত ভিটামিন b পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। ডাচ্চৰ এক অধ্যয়ন অনুসৰি বিয়াৰ খোৱা লোকৰ বিয়াৰ সেৱন নকৰা লোকতকৈ ৩০ শতাংশ বেছি ভিটামিন b ৬ থাকে। ইয়াত ভিটামিন বb ১২ আৰু ফলিক এচিড থাকে।

বিয়াৰ খোৱা লোকসকলে বেছি দিন জীয়াই থাকিব পাৰে। বহুতে তেনেকৈয়ে ভাবে। ছান ডিয়েগোৰ মাটিল্ডা গাৰ্চিয়া আৰু ড’ৰিছ অলিভে তেওঁলোকৰ দীৰ্ঘজীৱনৰ ৰহস্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁলোকে কয় যে তেওঁলোকে দিনটোত এগিলাচ বিয়েৰ খায়। ভাৰ্জিনিয়া টেকৰ গৱেষকসকলে তেওঁলোকৰ গৱেষণাৰ জৰিয়তে প্ৰমাণ কৰিছে যে মধ্যমীয়া আৰু লঘু বিয়াৰ খোৱা লোকসকলে বিয়েৰ নোখোৱা লোকতকৈ ১৯ শতাংশ বেছি দিন জীয়াই থাকিব পাৰে।

অধ্যয়নত দেখা গৈছে যে মধ্যমীয়া বিয়াৰ সেৱন খেলুৱৈৰ বাবেও ভাল। মধ্যমীয়া বিয়াৰে শৰীৰৰ পানীলগা নহয়।

অৱশ্যে এটা কথা মনত ৰাখিব লাগিব যে বেছিকৈ বিয়াৰা খালে ওজন বৃদ্ধি হ’ব পাৰে। শৰীৰতো পানীলগা হ’ব পাৰে। বৃক্ক উপকৃত হোৱাৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে। গতিকে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিয়াৰ খাব পাৰে, কিন্তু মধ্যমীয়া পৰিমাণতহে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

1 thought on “বিয়াৰ স্বাস্থ্যৰ বাবে বেয়া নেকি ? নে ইয়াৰ কিছুমান ভাল দিশও আছে !”

Leave a Comment