যদি জীৱনত সফলতা পোৱা নাই, তেন্তে এইজন সন্ন্যাসীৰ কাহিনী পঢ়ক !

এটা গাঁৱত এটা সাধু আছিল, সেই সাধুই যেতিয়াই নাচিছিল তেতিয়াই বৰষুণ হৈছিল। সেই বাবে গাঁৱৰ মানুহবোৰৰ যেতিয়াই বৰষুণৰ প্রয়োজন হৈছিল তেতিয়াই সেই সাধুৰ ওচৰত গৈছিল আৰু তেওক অনুৰোধ কৰিছিল নাচিবলৈ, আৰু যেতিয়া নাচিছিল তেতিয়াই বৰষুণ হৈছিল।

কিছুদিন পিছিত চাৰিজন ল’ৰা চহৰৰ পৰা সেই গাঁৱত ফুৰিবলৈ আহিছিল, আহি সেই সাধুজনৰ কথা শুনিছিল। যেতিয়া সেই চাৰিজন ল’ৰাই এই কথা জানিব পাৰিলে তেতিয়া তেওলোকে বিশ্বাস কৰিব নোৱাৰিলে। কাৰণ তেওলোকে চহৰত লিখা-পঢ়া কৰা মানুহ, তেতিয়া সেই চাৰিজন ল’ৰাই ক’লে- যে আমিও যদি নাচো তেতিয়াও বৰষুণ হ’ব। কিন্তু গাওবাসিয়ে মানি ল’ব নোৱাৰিলে ; গাওবাসিয়ে ক’লে ঠিক আছে নাচি দেখা বৰষুণ হয় নে নহয়।

তেতিয়া সেই চাৰিজন ল’ৰাই নাচিবলৈ আৰাম্ব কৰিলে, ১ ঘণ্টা ২ ঘণ্টা ৩ ঘণ্টা পাৰ হৈ গ’ল কিন্তু বৰষুণ নহ’ল। তেতিয়া সেই সাধুজনক মতা হ’ল, সাধুজনক সেই সকলো কথা কোৱা হ’ল তেতিয়া সেই সাধুজনে নাচিবলৈ আৰাম্ব কৰিলে ; ১ ঘণ্টা ২ ঘণ্টা ৩ ঘণ্টা পাৰ হৈ যোৱাৰ পাছত আকাশত ডাৱৰ দেখা গ’ল, আৰু লাহে লাহে বৰষুণ আহিবলৈ ধৰিলে।

তেতিয়া চাৰিজন ল’ৰাই ক’লে- যে ইমান সময় নাচিলো কিন্তু বৰষুণ নহল, আৰু আপুনি নাচিলে বৰষুণ হ’ল। সেয়া কেনেকৈ সম্ভৱ অলপ কওক, তেতিয়া সেই সাধুজনে ক’লে- যেতিয়া মই নাচো ২টা কথা মনত ৰাখো,

প্রথমতে মই ভাবো যদি মই নাচো তেতিয়া বৰষুণ হবই লাগিব। দ্বিতিয় কথাটো হৈছে যেতিয়ালৈকে বৰষুণ নহব, তেতিয়ালৈকে মই নাচিম।

সফলতা পাবলৈও এই গুণৰ প্রয়োজন হয়, সফলতা নোপোৱালৈকে সংগ্রাম কৰি যাব লাগে, দেখিব এদিন সফলতা পাবই।

CopyAMP code

Leave a Comment