ছালত গ্লিচাৰিন ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ উপকাৰিতা জানি লওক

WhatsApp Follow

শুকান, ৰুক্ষ ছালখন মইশ্ব’ৰাইজ কৰিবলৈ গ্লিচাৰিনে অতি উত্তম কাম কৰে। এই উপাদানে ছালৰ শুকানতা নিমিষতে আঁতৰাই পেলায়। এই কাৰণেই শীতকালত গ্লিচাৰিনৰ ব্যৱহাৰ বৃদ্ধি পায়।

কিন্তু বহুতে হয়তো নাজানে যে ছালৰ যত্নত গ্লিচাৰিন কিমান উপযোগী। বহুতৰে ভুল ধাৰণা আছে যে গ্লিচাৰিন ব্যৱহাৰ কৰিলে ছালখন ক’লা বা ৰুক্ষ হৈ পৰে! আচলতে এই কথা সঁচা নহয়।

বৰঞ্চ গ্লিচাৰিনৰ ব্যৱহাৰে ছালত বহু উপকাৰ কৰে। কেৱল শীতকালত শুকান ছাললৈ আৰ্দ্ৰতা ঘূৰাই অনাই নহয় ইয়াৰ আন বহুতো উপকাৰো আছে। গ্লিচাৰিনৰ বিভিন্ন গুণৰ বিষয়ে জানি লওক-

1. দৈনিক গ্লিচাৰিন ব্যৱহাৰ কৰিলে ছাল আৰ্দ্ৰ হৈ থাকে। ফলত ছালখন উজ্জ্বল আৰু কোমল হৈ পৰে। আৰ্দ্ৰ ছালৰ বাবে ছালত বলিৰেখা কম হয়।

2. গ্লিচাৰিন তেলমুক্ত আৰু নন কমেড’জেনিক। গতিকে ই কোনো ধৰণে ছিদ্ৰ বন্ধ নকৰে। গতিকে গ্লিচাৰিন ব্যৱহাৰ কৰিলে ব্ৰণৰ সমস্যা বহুত কম হয়।

3. গ্লিচাৰিনৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই। ইয়াক নিৰাপদে ব্যৱহাৰ কৰিব পাৰি। খাদ্য আৰু ঔষধ প্ৰশাসন বা এফ ডি এয়েও গ্লিচাৰিনক নিৰাপদ বুলি লেবেল লগাইছে।

4. গ্লিচাৰিনে ছালৰ বিভিন্ন ঘা বা ফোহাও সোনকালে ভাল কৰে। ই ছালত সুৰক্ষামূলক ফিল্ম গঠন কৰে।

বিভিন্ন প্ৰসাধন সামগ্ৰী আৰু চাবোনতো গ্লিচাৰিন যোগ কৰা হয়। যাতে ছালৰ আৰ্দ্ৰতা বজাই থাকে। কিন্তু কোনবোৰ প্ৰসাধন সামগ্ৰীত গ্লিচাৰিন থাকিব লাগে ?


আৰু পঢ়ক
>> ৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ বন্ধু, এই খাদ্য খালে লিভাৰ কেতিয়াও নহয় নষ্ট
>> চাহ-কফি নহয়, পুৱাই খাওক নেমুপানী, ইয়াৰ উপকাৰিতা জানিলে আপুনিও হ’ব আচৰিত


5. ব্ৰণৰ সমস্যা থকাসকলে গ্লিচাৰিনযুক্ত ক্লিনজাৰ নিৰাপদে ব্যৱহাৰ কৰিব পাৰে। এনে ক্লিনজাৰেৰে মুখখন পৰিষ্কাৰ কৰিলে ছালখন কম শুকান হৈ পৰে।

6. ছালৰ বাবে টোনাৰ অতি উপকাৰী। যিকোনো ধৰণৰ ছালৰ বাবে গ্লিচাৰিন এটা ভাল টোনাৰ। গ্লিচাৰিন ভিত্তিক টোনাৰ ব্যৱহাৰ কৰি গ্লিচাৰিনে ছালৰ অতিৰিক্ত তেলৰ ভাৰসাম্য ৰক্ষা কৰে।

7. ইয়াৰ উপৰিও ছানস্ক্ৰীন, মইশ্ব’ৰাইজাৰ, ফেচ মাস্ক আৰু গ্লিচাৰিনযুক্ত চাবোন নিঃসন্দেহে ছালৰ বাবে উপকাৰী।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment