১ লাখ মানুহক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব।

WhatsApp Follow

1 lakh people will be provided with new government houses: প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ নোেপাৱাৰ সকলৰ কাৰণে অসম চৰকাৰৰ ডাঙৰ ঘোষণা। আৰম্ভ হল (মূখ্যমন্ত্ৰী আৱাস যোজনা)। ১ লাখ মানুহক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। কোন বোৰ মানুহে আবেদন কৰিব পাৰিব চাওঁক।

মূখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত সাধাৰণ ৰাইজৰ ভিতৰত ঘৰ নিৰ্মাণৰ সামর্থ্য নথকা সকলৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰ। চাওঁ আহক আপুনি এই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব নে নাই। কিছুমান চর্ত মানিব লাগিব আবেদনৰ বাবে।

মূখ্যমন্ত্রী আৱাস যোজনাৰ যোগ্যতা বোৰ হল।

১) আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ১ লাখৰ তলত হব লাগিব।

২) আৱেদনকাৰীৰ পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিয়াল হ’ব নোৱাৰে। চাকৰিয়াল হলে সেই পৰিয়ালৰ কোনেও এই আঁচনিৰ বাবে আৱেদন কৰিব নোৱাৰে।

৩) যদি আবেদনকাৰীয়ে যোৱা ১০ বছৰৰ ভিতৰত চৰকাৰৰ পৰা ইতিমধ্যে কোনো চৰকাৰী আঁচনি লাভ কৰিছে যাৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰিব পৰা যায়, তেন্তে তেওঁ আৰু মূখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব নোৱাৰিব।

৪) আবেদনকাৰীয়ে যিকোনো ৰাজ্য বা যিকোনো গাঁও বা নগৰৰ পৰা আবেদন কৰিব পাৰে, কিন্তু তেওঁ সেই গাঁও বা নগৰৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

৫) মুখ্যমন্ত্রী আৱাস যোজনাৰ প্ৰথম কিস্তি লাভ কৰাৰ পিছত যদি আবেদনকাৰীয়ে ৩৬ মাহৰ ভিতৰত নিজৰ ঘৰ নিৰ্মাণ সম্পূর্ণ কৰিব নোৱাৰে তেন্তে শেষ কিস্তি নাপাব।

Leave a Comment