১১ কেজি ওজনৰ বিশাল স্তন লৈ বিপদত পৰা যুৱতী !

WhatsApp Follow

এগৰাকী ২৩ বছৰীয়া যুৱতীক বিৰল ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছে। যাৰ বাবে তাইৰ স্তনৰ ওজন ক্ৰমান্বয়ে বাঢ়ি আহিছিল। ক্ৰমান্বয়ে যুৱতীগৰাকীৰ স্তনৰ ওজন ১১ কিলোগ্ৰাম পালেগৈ। যুৱতীগৰাকী বিৰল ৰোগ Bilateral Gestational Gigantomasia ৰোগত আক্ৰান্ত।

শেষত চিকিৎসকে যুৱতীগৰাকীৰ স্তন হ্ৰাসৰ অস্ত্ৰোপচাৰ কৰিবলৈ বাধ্য হয়। মেষ্টেক্টমী আৰু ফ্ৰী নিপল গ্ৰাফ্টিঙৰ জৰিয়তে চিকিৎসকে ২৩ বছৰীয়া মহিলাগৰাকীক ১১ কেজিৰ ‘বোজা’ৰ পৰা মুক্ত কৰে।

যুৱতীগৰাকী মধ্যপ্ৰাচ্যৰ বাসিন্দা। চিকিৎসকে জানিবলৈ দিয়া মতে যুৱতীগৰাকী বাইলেটেৰেল গৰ্ভাৱস্থাৰ জিগাণ্টোমেছিয়া নামৰ এক বিৰল ৰোগত আক্ৰান্ত আছিল।

দ্বিপাক্ষিক গৰ্ভাৱস্থাৰ জিগাণ্টোমেচিয়া কি?

এই দ্বিপাক্ষিক গৰ্ভাৱস্থাৰ জিগাণ্টোমেছিয়াৰ ফলত গৰ্ভাৱস্থাত স্তনৰ কলাৰ অস্বাভাৱিক বৃদ্ধি হয়। ফলত স্তনৰ আকাৰ আৰু ওজন বিশাল হৈ পৰে।

সেই যুৱতীগৰাকীৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছিল। গৰ্ভাৱস্থাত তাইৰ স্তন দুটা ডাঙৰ হ’বলৈ আঁঠুলৈকে গৈছিল। যাৰ বাবে যুৱতীগৰাকীয়ে ৫ মিনিট ধৰি পোনে পোনে থিয় দিব নোৱাৰিলে।

যোৱা ৭ মাহ ধৰি তেওঁ এই ‘বিষ’ পাই আছিল। এই ‘বিষ’ৰ পৰা যুৱতীগৰাকীক সকাহ দিবলৈ চিকিৎসকে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। ফৰিদাবাদৰ এখন চিকিৎসালয়ত ১০ ঘণ্টীয়া অস্ত্ৰোপচাৰ সফল। লগতে চিকিৎসকে কয় যে যুৱতীগৰাকীৰ মুঠ ৩টা গৰ্ভপাত হৈছে।

তৃতীয় গৰ্ভাৱস্থাৰ সময়ত তেওঁৰ দ্বিপাক্ষিক গৰ্ভাৱস্থাৰ জিগাণ্টোমেচিয়া ধৰা পৰিছিল। ২২ সপ্তাহত তৃতীয়টো গৰ্ভপাত হয়।

1 thought on “১১ কেজি ওজনৰ বিশাল স্তন লৈ বিপদত পৰা যুৱতী !”

Leave a Comment