প্রতি মাহে ৫০০০ টকাকৈ পাব, কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ বাবে কেনেদৰে আৱেদন কৰিব ?

WhatsApp Follow

5000 per month, how to apply for central government scheme: এই চৰকাৰী আঁচনিখনে আপোনাক আৰ্থিকভাৱে সহায় কৰিব পাৰে। কম পৰিমাণৰ বিনিয়োগ কৰি ডাঙৰ ৰিটাৰ্ণৰ সৈতে ৰিস্ক ফ্ৰী লাভ পাব পাৰে। তেন্তে এতিয়াই চাওক এই মহান আঁচনিৰ অফাৰটো। আপোনাৰ ওচৰৰ যিকোনো চৰকাৰী বেংকত কৰিব পাৰিব।

অটল পেঞ্চন যোজনা (কেন্দ্ৰীয় চৰকাৰৰ আঁচনি)

সমগ্ৰ দেশৰ বিভিন্ন খণ্ডৰ অসংগঠিত শ্ৰমিকক বৃদ্ধাৱস্থাৰ খৰচৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে ২০১৫ চনৰ ৯ মে’ৰ পৰা আৰম্ভ কৰা হৈছে অটল পেঞ্চন যোজনা। বিভিন্ন কৰ্মচাৰীৰ সুবিধা আৰু অসুবিধাৰ কথা মনত ৰাখি এই আঁচনিখন আৰম্ভ কৰা হৈছিল। যিকোনো চৰকাৰী বেংকৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ লাভ কৰিব পাৰিব। আৰু যোগদানৰ পদ্ধতিও যথেষ্ট সহজ। তাৰ পিছত এই আঁচনিখনত কেনেকৈ যোগদান কৰিব পাৰি চাওক।

প্ৰকল্পৰ বিশেষ সুবিধা

এই পেঞ্চন আঁচনিখন পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ অধীনত আৰু এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ যৌথ পদক্ষেপে ৬০ বছৰৰ পিছত আপুনি প্ৰতিমাহে ১০০০ৰ পৰা ৫০০০ টকালৈকে পেঞ্চন লাভ কৰিব পাৰিব। অৱশ্যে এই পেঞ্চনৰ পৰিমাণ নিৰ্ভৰ কৰিব জমা কৰা মুঠ ধন আৰু যোগদানৰ তাৰিখৰ ওপৰত।
যদিহে আবেদনকাৰীৰ ৬০ বছৰ বয়সৰ আগতে মৃত্যু হয় তেন্তে সেই ধন আবেদনকাৰীৰ পত্নীৰ হাতলৈ যাব। ইয়াৰ উপৰিও এই আঁচনিৰ মনোনয়ন ৰখাৰ অধিকাৰো আছে।

কিমান বয়সত এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ?

যিকোনো ভাৰতীয়ই এই আঁচনিত নামভৰ্তি কৰিব পাৰিব।
আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।
৬০ বছৰ বয়সৰ পৰা পেঞ্চন লাভ কৰিব পাৰিব যদিহে আপুনি কমেও ২০ বছৰ আঁচনিখনত ধন ৰাখে।
এই ক্ষেত্ৰত আবেদনকাৰীৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক কৰাটো বাধ্যতামূলক। লগতে মোবাইল নম্বৰো থাকিব লাগে।

কেনেকৈ আবেদন কৰিব (ফৰ্ম ফিলাপ জানক)

অটল পেঞ্চন যোজনা প্ৰ-পত্ৰ সংশ্লিষ্ট চৰকাৰী বেংকৰ পৰা আপুনি লাভ কৰিব। যদিও প্ৰ-পত্ৰখন অনলাইন মোডত উপলব্ধ, তথাপিও জমা দিয়াৰ কোনো বিকল্প নাই। গতিকে ফৰ্মখন ডাউনলোড কৰি অফলাইন কৰিব লাগিব। আপুনি আপোনাৰ যিকোনো চৰকাৰী বেংকত গৈ এই সুবিধা লাভ কৰিব পাৰিব। আবেদন পত্ৰৰ লগতে আধাৰ কাৰ্ডৰ ফটোকপি প্ৰেৰণ কৰিব লাগিব। একাউণ্টৰ সৈতে জড়িত মোবাইল নম্বৰত আঁচনি সন্দৰ্ভত আপডেট পাব।

ফৰ্মৰ লিংক: Click Here

1 thought on “প্রতি মাহে ৫০০০ টকাকৈ পাব, কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ বাবে কেনেদৰে আৱেদন কৰিব ?”

Leave a Comment