অৱসৰৰ সময়ত প্ৰতিমাহে ৫০,০০০ টকাৰ পেঞ্চন, কেনেকৈ পাব পাৰি জানি লওক ?

WhatsApp Follow

NPS আঁচনিৰ পৰা অৱসৰ লোৱাত প্ৰতিমাহে ৫০,০০০ টকাৰ পেঞ্চন : অৱসৰৰ বয়স বা বৃদ্ধ বয়সত আমাৰ আগৰ দৰে কাম কৰাৰ ক্ষমতা আৰু নাথাকে আৰু এই সময়ত আমাৰ কৰ্মজীৱনও শেষ হৈ যায় গতিকে এই সময়ত পেঞ্চন খুবেই গুৰুত্বপূৰ্ণ। অৱসৰৰ বয়সত নিয়মীয়াকৈ মাহিলী পেঞ্চন পাবলৈ আমি আগতীয়াকৈ ভাল ঠাইত নিৰাপদে ধন বিনিয়োগ কৰিব লাগিব।

গতিকে প্ৰথমে আপুনি হিচাপ কৰিব লাগিব যে অৱসৰৰ বাবে কিমান সময় বাকী আছে আৰু বৰ্তমান আপোনাৰ হাতত কিমান টকা আছে আৰু বৃদ্ধ বয়সত প্ৰতিমাহে কিমান টকা পেঞ্চন হিচাপে পাব বিচাৰে। আজিৰ প্ৰতিবেদনত মই আলোচনা কৰিম যে অৱসৰৰ বয়স হ’লে কেনেকৈ প্ৰতিমাহে ৫০ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পাব পাৰি।

চৰকাৰী পেঞ্চন আঁচনি – NPS

যদি আপুনি চৰকাৰী নিশ্চয়তাৰ সৈতে সুৰক্ষিত পেঞ্চন সুবিধা বিচাৰিছে তেন্তে আপোনাৰ বাবে জনপ্ৰিয় কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখন হ’ল ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বা এন পি এছ। চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ব্যক্তিগত কৰ্মচাৰী আৰু সাধাৰণ ৰাইজে এই পেঞ্চনৰ সুবিধা ল’ব পাৰিব। কাৰ্যকালৰ শেষত আপুনি আপোনাৰ সঞ্চিত ধনৰ এটা অংশ এককালীনভাৱে পাব আৰু বাকী থকা ধন প্ৰতিমাহে পেঞ্চন হিচাপে লাভ কৰি থাকিব।

এই আঁচনিখনত যিমানেই কম বয়সীয়াকৈ বৰঙণি দিবলৈ আৰম্ভ কৰিব সিমানেই ভৱিষ্যতে পেঞ্চন পাব। যদি আপুনি এই আঁচনিখনত সঠিকভাৱে ধন জমা কৰে তেন্তে অৱসৰৰ সময়ত প্ৰতিমাহে ৫০ হাজাৰ টকাৰ পেঞ্চন সহজে লাভ কৰিব পাৰিব।

অৱসৰৰ সময়ত মাহে ৫০ হাজাৰ টকা কেনেকৈ পাব ?

ধৰি লওক আপোনাৰ বৰ্তমান বয়স ৩৫ বছৰ আৰু আপুনি ৩৫ বছৰ বয়সৰ পৰা প্ৰতিমাহে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত ২০০০ টকা জমা কৰি আহিছে। অৰ্থাৎ যদি আপুনি ৬০ বছৰলৈকে ধন জমা কৰে তেন্তে আপুনি (৬০-৩৫) = ২৫ বছৰলৈকে বিনিয়োগ কৰিব লাগিব। তেতিয়া যদি আপুনি ১২ শতাংশ হাৰত সুত পায় তেন্তে কাৰ্যকালৰ শেষত আপোনাৰ মুঠ ধন হ’ব ২,৩৭,৬৪,৮৪১ টকা। ইয়াৰ পিছত এই ধনৰ ৬০ শতাংশ অৰ্থাৎ ১,৪২,৫৮,৯০৫ টকা একেলগে আৰু বাকী থকা ধনখিনি প্ৰতিমাহে পেঞ্চন হিচাপে পাব। অৰ্থাৎ এই ক্ষেত্ৰত মাহে প্ৰায় ৪৭ হাজাৰ টকা পেঞ্চন পাব পাৰিব।

Leave a Comment