পৰকীয়া কৰা নাৰী সুখী হ’ব নোৱাৰৰ ৬ টা কাৰণ –

WhatsApp Follow

প্ৰথম স্বামীৰ লগত প্ৰতাৰণা কৰি বেলেগৰ লগত পলাই যোৱা মহিলাৰ দাম্পত্য জীৱন সুখৰ নোহোৱাৰ কাৰন কেইটামান হ’ল-

১/ প্ৰথম স্বামীক প্ৰতাৰণা কৰিব পৰাজনে দ্বিতীয় জনক যে প্ৰতাৰণা নকৰিব তাৰ কোনো নিশ্চয়তা নাথাকে বাবে উভয়ে উভয়ক অবিশ্বাস কৰা আৰম্ভ কৰে।

২/ দূৰৈৰ পৰা সকলোকে ধুনীয়া দেখি। ওচৰত গলেহে উপলব্ধি হয় চন্দ্ৰৰো যে কলঙ্ক আছে। ফুচুলাই তেল মাৰি কোৱা কথাবোৰ ক্ৰমান্বয়ে তিক্ততাময়, কটু হৈ আহে।

৩/ চেহেৰা যিমানেই ভাল নহওক কিয় দিনৰ শেষত ব্যৱহাৰৰ লগতেই মানুহ সংসাৰ কৰে। দ্বিতীয় স্বামীৰ এটা বেয়া ব্যৱহাৰে প্ৰথম স্বামীৰ দহটা ভাল ব্যৱহাৰ চকুৰ আগত উজলাই তুলে।

৪/ প্ৰথম স্বামীৰ ঘৰত লাভ কৰা সন্মান আৰু মৰ্যাদা পলাই যোৱা দ্বিতীয় স্বামীৰ ঘৰত কাহানিও পাবলৈ সক্ষম নহয় বাবেই অশান্তি বিৰাজ কৰে।

৫/ নকল সোনৰ ৰং বেছিদিন নাথাকে।প্ৰথম স্বামীৰ মাজত থকা অপূৰ্ণতাখিনি দ্বিতীয় স্বামীৰ মাজত সামুহিক ভাবে বিচাৰি পালেও পিছলৈ আচল ৰং প্ৰত্যক্ষ কৰি অৱশেষত হাবাথুৰি খায়।

৬/ প্ৰথম স্বামীৰ দৃষ্টিৰ অগোচৰত সংগঠিত কৰা অবৈধ কামবোৰ যে দ্বিতীয় স্বামীৰ দৃষ্টিৰ অগোচৰত তৃতীয় ব্যাক্তিৰ লগত পুনৰাবৃত্তি নহব তাক লৈ উভয়ৰে সন্দেহ জাগে। পৃথিৱীত কোনেওঁ কাকো প্ৰতাৰণা কৰি সুখী হব পৰা নাই। এই ক্ষন্তেকীয়া জীৱন কালত নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰনে আনৰ জীৱন লৈ অমানিশা নমাই অনাটো আমি মানুহ হিচাপে বাৰু কিমান যুক্তিযুক্ত ? মানুহ এজনক প্ৰতাৰণা কৰি জীয়া লাশ বনোৱাৰ অধিকাৰ আমাৰ আছে জানোঁ?মনত হেজাৰ প্ৰশ্নৰ উদয় হয়।আচলতে অলপ ধৈৰ্য্য আৰু এৰাধৰাৰ মাধ্যমেৰে চলিলে জীৱনৰ বিয়লিত ধৰালৈ সৰগ নামি আহে।

(ওপৰোক্ত কথাবোৰ পুৰুষৰ ক্ষেত্ৰতো একেই)

Disclaimer. এই লিখনীটো হাফিজা খাতুন নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে…
Email. assameseblogger039.gmail.com

Leave a Comment