১ ঘণ্টা সাৱটি ধৰি উপাৰ্জন কৰে ৭ হাজাৰ টকা, কিন্তু কেনেকৈ সম্ভৱ ?

WhatsApp Follow

আমি প্ৰায়ে আপোনজনক আদৰ কৰিবলৈ সাৱটি ধৰো। সাধাৰণতে মনৰ শান্তিৰ বাবে এই কাম কৰা হয়। কিন্তু এইটোৱেই ট্ৰেভৰ হুটন নামৰ এজন যুৱকে নিজৰ পেছা হিচাপে বাছি লৈছে। যুক্তৰাজ্যৰ ব্রিষ্টলৰ নাগৰিক ট্ৰেভৰে এঘণ্টা ধৰি আলিংগন কৰাৰ বাবে ৭৫ ইউৰো অৰ্থাৎ ভাৰতীয় টকাত ৬.৭ হাজাৰ টকা লয়।

তেওঁ ইয়াৰ নাম ৰাখিলে ‘কাডল থেৰাপি’। ট্ৰেভাৰে অনুভৱ কৰে যে তেওঁ যি দিয়ে সেয়া কোনো সাধাৰণ আলিংগন নহয়, ইয়াৰ লগত আছে প্ৰকৃত যত্ন, মৰম আৰু শুভেচ্ছা। ট্ৰেভাৰে কয় যে ব্যক্তিভেদে কামৰ পাৰ্থক্য আছে। কাৰ বাবে কি ভাল সেয়া ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ ক’লে, ‘আপোনাৰ হাতত যদি এঘণ্টা আজৰি সময় সময় থাকে, তেন্তে সেই সময়ত মৰম লাভ কৰিলে কেনে অনুভৱ হ’ব?’

বহুতে আৰম্ভণিতে লাজ পায় যদিও সময়ৰ লগে লগে তেওঁলোকে সকাহ অনুভৱ কৰে। ট্ৰেভাৰে কয়, ‘কাডল থেৰাপিষ্টৰ অৰ্থ হ’ল আপুনি তেওঁলোকৰ সময়, মনোযোগ আৰু যত্ন ভাড়াত লৈছে। অচিনাকি মানুহক সাৱটি ধৰাতকৈও ই কিছু পৃথক। প্ৰথমতে বহুতে অলপ লাজ অনুভৱ কৰে যদিও কিছু সময়ৰ পিছত সকাহ পায়।

দহ বছৰৰ আগতে ট্ৰেভাৰে মানৱ সম্পৰ্কৰ বৈজ্ঞানিক ব্যাখ্যা দেখিছিল। তাৰ পিছত চলিত বৰ্ষৰ মে’ মাহত তেওঁ এই বৃত্তিত যোগদান কৰে। কিন্তু বহুতে এই কামক যৌন কাৰ্যকলাপৰ সৈতে বিভ্ৰান্ত কৰে বুলি ট্ৰেভাৰে কয়। তেওঁ কয়, ‘যৌনতা নাই, মানুহজনে বিচৰা ধৰণে সকলো প্লেটনিক। প্ৰথমে আমি লগ পাওঁ। ইয়াৰ পিছত আমি আমাৰ নীতিৰ বিষয়ে আলোচনা কৰোঁ। দুয়োপক্ষই সন্মতি দিলেহে অন-ডিমাণ্ড সময় নিৰ্ধাৰণ কৰা হয়। তেওঁলোকে কেনে অনুভৱ কৰে আৰু কি বিচাৰে এইবোৰ বিস্তৃতভাৱে বিশ্লেষণ কৰা হয়। তেওঁলোকৰ বাবে যি ভাল আৰু আৰামদায়ক, সেয়াই কৰা হয়।

এই বৃত্তিটো বাছি লোৱাৰ কাৰণ সন্দৰ্ভত ট্ৰেভাৰ হুটনে কয়, ‘মানুহৰ মাজত বন্ধন বৃদ্ধিৰ বাবেই মই এই ব্যৱসায় প্ৰতিষ্ঠা কৰিছিলো। এইবোৰৰ পৰা বঞ্চিত হোৱাৰ বাবেই বহু লোক এই বৃত্তিলৈ আহিছে। কেৱল আলিংগন নহয়। ই মানুহক যি লাগে সেইখিনি দিয়ে।’

Leave a Comment