শৰীৰৰ আটাইতকৈ গুৰুত্বপূর্ণ বস্তু হ’ল চুলি, চুলি মানুহৰ সুন্দর্য বৃদ্ধি কৰে। সেই বাবে সকলোৱে দীঘল চুলি হোৱা বিচাৰে, কিন্তু নাজানে যে চুলি দীঘল কেনেকৈ কৰিব পাৰি। সেই বাবে আমি আজি এই আর্টিকেলতোত কেইটামান উপায় কম আপোনালোকে যদি এই সমূহ কাম কৰে তেনেহলে আপোনাৰ চুলি দীঘল হ’ব…
১/ চুলিৰ গুৰিত নিয়মিত মাছাজ কৰক । ইয়াৰ ফলত চুলিৰ বৃদ্ধি বাঢ়িব। নিশা শোৱাৰ আগতে শুকানে চুলিৰ গুৰি মাছাজ কৰিব পাৰে দহ মিনিট । ইয়াৰ পিছত ওলোটা দিশৰ পৰা চুলি আঁচোৰক। হেয়াৰ পেক অথবা গৰম তেল দিও গা ধোৱাৰ আগতে কিছু সময় মাছাজ কৰক চুলিৰ গুৰিত ।
২/ চুলিৰ স্বাস্থ্য ভালে ৰখাৰ উপৰি চুলিৰ বৃদ্ধি বঢ়াব বিচাৰিলে ডায়েটত ৰাখক ওমেগা থ্রি ফেটি এচিড সমৃদ্ধ খাদ্য। তেলযুক্ত মাছ আৰু বাদামত লাভ কৰিব ওমেগা । কিন্তু ছাপ্লিমেন্টৰী খাব বিচাৰিলে আগতে অৱশ্যেই চিকিৎসকৰ পৰামর্শ ল’ব।
৩/ চুলিৰ বৃদ্ধি দ্রুত কৰিবলৈ বিচাৰিলে নাৰিকল তেল অত্যন্ত জৰুৰী। ইয়াত থকা ফেটি এচিডে চুলিৰ গুৰিত পুষ্টি যোগায়। সপ্তাহত অন্তত দুদিন নাৰিকল তেলেৰে চুলি মাছাজ কৰক।
আৰু পঢ়ক-
- মুখ উজ্জ্বল কৰাৰ ঘৰুৱা উপায়।
- দাঁতৰ সমস্যা হ’লে কেনেকৈ উপশম পাব পাৰে জানক।
- এই কেইটা কথা নাজানিলে আপোনাৰ লিভাৰৰ ক্ষতি হ’ব পাৰে।
- মূৰৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায়।
৪/ চুলি ভালে ৰখাৰ বাবে সঠিক ডায়েট জৰুৰী। ভিটামিনযুক্ত খাদ্য খাওক প্রতিদিনে। ভিটামিন এ, বি, চি, বায়োটিন, জিঙ্ক আৰু আয়ৰনযুক্ত খাদ্য খাওক ।
৫/ কিছুমান মানুহে ধূম পান কৰে তাৰ বাবেও চুলি বৃদ্ধি নহয়, আপোনাৰো যদি ধূম পান কৰাৰ অভ্যাস আছে তেনেহলে আজিই এৰক ।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।