দৈনিক খোজকঢ়াৰ ফলত স্বাস্থ্যৰ উপকাৰ হয়, আৰু হাৰ্টএটেকৰ দৰে ৰোগৰ সম্ভাৱনাও কম হয়। যদি আপুনি ওজন হ্ৰাস কৰিব পৰা নাই, তেন্তে আপুনি আপোনাৰ পদ্ধতি আৰু জীৱনশৈলী সলনি কৰিব পাৰে।
১/ পানীৰ বাহিৰেও এনে ফলৰ ৰস আৰু ডিটক্স ড্ৰিংকছ খালে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ দূৰ কৰে, ই শৰীৰক ফিট কৰি ৰখাত সহায় কৰে।
২/ দৈনিক খোজকঢ়াৰ সময়ত শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়, কিয়নো ই হজম শক্তি বৃদ্ধি কৰে আৰু ওজন কমোৱাত সহায় কৰে।
৩/ ওজন কমাবলৈ কেৱল খোজকঢ়াৰ ওপৰত নিৰ্ভৰ নকৰে, আধা ঘণ্টা ৱৰ্কআউটো কৰিব লাগে, ই পেটৰ চাৰিওফালে থকা চৰ্বি কমিবলৈ আৰম্ভ কৰে।
৪/ আপুনি দৈনন্দিন খাদ্যৰ পৰা তেলীয়া খাদ্য আঁতৰাই পেলাওক, কাৰণ এনে পৰিস্থিতিত আপোনাৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ওজন কমাত অসুবিধা হয়।
আৰু পঢ়ক-
- মুখ উজ্জ্বল কৰাৰ ঘৰুৱা উপায়।
- দাঁতৰ সমস্যা হ’লে কেনেকৈ উপশম পাব পাৰে জানক।
- এই কেইটা কথা নাজানিলে আপোনাৰ লিভাৰৰ ক্ষতি হ’ব পাৰে।
- মূৰৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায়।
৫/ দৈনন্দিন খাদ্য তালিকাত কেৱল স্বাস্থ্যসন্মত খাদ্যহে অন্তৰ্ভুক্ত কৰক, যিয়ে মেটাবলিজম উন্নত কৰে আৰু দীৰ্ঘ সময়লৈ ভোক অনুভৱ নকৰে। ইয়াৰ বাবে আপুনি ঋতু অনুসৰি ফলমূল, মাহজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি, বাদাম আৰু চালাড খাব পাৰে।