সন্তানক পঢ়াত মন বহুৱাবলৈ জানক এই ৫ টা টিপ্ছ | Education Tips

Daily Job Update Follow

বৰ্তমান কোৰোণা সংক্ৰমণৰ বাবে বিপৰ্যস্ত সমগ্ৰ পৃথিৱী। ইয়াৰ পৰা ক্ষতি হৈছে শিক্ষা ব্যৱস্থাতো। কিন্তু সেৱল কোৰোণা কাল বুলি কথা নহয়, শিশু সকলক লৈ প্ৰায় প্ৰত্যেক অভিভাৱকে চিন্তি হয় পঢ়া–শুনাৰ ক্ষেত্ৰত। লগতে থাকে স্কুলৰ পাঠ্যপুথিৰ অন্যতম অংগ হোমৱৰ্ক। কোনো শিশুৱে সহজতে সেয়া সহজতে কৰিব নিবিচাৰে। শিশুক পঢ়াত মন বহুৱাবলৈ কি কৰা উচিত, জানক বিশেষজ্ঞৰ পৰামৰ্শ। Education Tips

১/ শিশুসকলে পঢ়া–শুনা বিশেষকৈ হোমৱৰ্কৰ পৰা সাধাৰণতে দূৰত থাকিব বিচাৰে। ইয়াৰ কাৰণ হ’ল শিশুৱে খেলা–ধুলা বা বৰ্তমান ম’বাইল গেম খেলিবলৈ বেছি ভাল পায়। অভিভাৱকসকলক উদ্দেশ্যি বিশেষজ্ঞসকলে কৈছে যে যদি সন্তানে ম’বাইল লৈ ব্যস্ত থাকে তেন্তে সেই ম’বাইলতে স্কুলৰ হোমৱৰ্কৰ লগতে পঢ়া–শুনাৰ পাঠ্যসূচী আপলোড কৰি ল’ব পাৰি। ম’বাইল চোৱাৰ সময়ত শিশুসকলে সেয়া সহজে আয়ত্ত কৰিব পাৰিব। এয়া এক সহজ পদ্ধতি বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞই।

Also Read. মহৎ লোকৰ বাণী

২/ স্কুলৰ হোমৱৰ্কৰ প্ৰতি বিমুখতাৰ বাবে বেছিভাগ শিশুৱে সঠিক সময়ত তেওঁলোকৰ হোমৱৰ্ক শেষ কৰিব নোৱাৰে। ফলত একেবাৰে স্কুল খোলাৰ সময়ত তেওঁলোকে হোমৱৰ্ক শেষ কৰিবলগীয়া হয়। ইয়াৰ বাবে প্ৰত্যেক পিতৃ–মাতৃয়ে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়ত শিশুসকলৰ সৈতে বন্ধুৰ দৰে আচৰণ কৰিব লাগিব। তেওঁলোকৰ মনৰ ওচৰ চাপিব লাগিব। খেলাৰ চলেৰে তেওঁলোকৰ সৈতে এই কাম কৰাব লাগিব, গালি–গালাজ কৰিলে নহ’ব।

৩/ শিশুৰ মনত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে, তাৰ বাবে প্ৰত্যেক পিতৃ–মাতৃয়ে সদায় সচেতন হ’ব লাগিব। যেনে – সদায় ঘৰৰ পৰিৱেশ শান্ত ৰখা অতি অৱশ্যক। বিশেষকৈ অতিৰিক্ত গালি–গালাজ কোনো শিশুৱে ভাল নাপা। সেয়ে শান্ত মনেৰে তেওঁলোকক বুজাই পঢ়া–শুনাৰ প্ৰতি মনোযোগী কৰি তুলিব লাগিব।

৪/ বিশেষজ্ঞসকলে জনাইছে, হোমৱৰ্ক যে কিমান গুৰুত্বপূৰ্ণ কেয়া কোনো শিশুৱে বুজিব নিবিচাৰে। সকলো শিশুৰ মেধা শক্তিও প্ৰখৰ নহয়। সেয়ে ধৈৰ্যৰ সৈতে শিশুৰ হোম ৱৰ্কৰ লগত পঢ়া–শুনাত আগ্ৰহী কৰি তুলিব লাগিব।

৫/ ইয়াৰ উপৰি স্বাস্থ্যক লৈও প্ৰত্যেক পিতৃ–মাতৃ সচেতন হোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই।স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য সদায় খুৱাব লাগিব। লগতে শিশুৰ ঘৰত পঢ়া–শুনাৰ এক সময়সূচী তৈয়াৰ কৰি দিব লাগে, যাতে বাকী সময় তেওঁলোকে নিজৰ মতে থাকিব পাৰে।

Leave a Comment