ফ্ৰীজ অভিহনে জলকীয়া বহুদিন ভাল কৰি ৰাখিবলৈ ৫ টা টিপছ শিকিব !

Daily Job Update Follow

( Learn 5 tips to keep peppers good for longer without refrigeration ) জলকীয়া বহুদিন ভালদৰে ৰাখিবলৈ কেইটামান সহজ নিয়ম মানি চলিব লাগে । বহু সময়ত বজাৰত ভাল জলকীয়া পোৱা নাযায়, কিন্তু কিছুমান সময়ত বজাৰত ভাল জলকীয়া পোৱা যায়, নিয়ম মানিলে তেতিয়া এই জলকীয়া তিনিমাহলৈকে থাকিব । বহু লোক বহিঃৰাজ্যত থাকে যিয়ে ইয়াৰ পৰা জলকীয়া লৈ যাব বিচাৰে, কিন্তু লৈ যাব নোৱাৰে এইদৰে নিয়ম মানি চলিলে বহুদিনলৈ ভাল হৈ থাকে –

১) যদি আপুনি জলকীয়া খিনি বহুদিনলৈ ৰাখিব বিচাৰে তেন্তে প্ৰথমে জলকীয়া টুপিবোৰ আঁতৰাই পেলাব লাগে ।

২) যদি আপুনি জলকীয়া খিনি বহুদিন ভালদৰে ৰাখিব বিচাৰে তেন্তে জলকীয়া খিনি শুকান কাপোৰেৰে ভালদৰে মচি ৰাখিব লাগে । জলকীয়া ওপৰত যাতে পানী নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।

৩) যদি আপুনি জলকীয়া খিনি বহুদিন ভালদৰে ৰাখিব বিচাৰে তেন্তে এয়াৰটাইট পাত্ৰ এটাত ৰাখি ভালদৰে ৰাখক, তেতিয়া দেখিব যে জলকীয়া বহুদিনলৈ ধুনীয়া হৈ থাকিব ।

৪) জলকীয়া খিনি ভালদৰে ৰাখিব বিচাৰিলে টিছু পেপাৰত ভালদৰে মেৰিয়াই এয়াৰটাইট পাত্ৰত ৰাখিব লাগে ।

৫) জলকীয়া খিনি বেছি সময় ৰাখিব বিচাৰিলে বায়ু নোসোমাব পৰা পাত্ৰত ৰাখিব পাৰে, কিন্তু বাৰে বাৰে হাতেৰে জলকীয়া খিনি ঘঁহিব নালাগে । যিমান প্ৰয়োজন সিমান লৰচৰ কৰিব । এনেকৈ ৰাখিব পাৰিলে জলকীয়া বহু মাহ সতেজ হৈ থাকিব ।

Leave a Comment