( Ways to get rid of bad breath ) আপুনি যিমানেই স্মাৰ্ট আৰু ষ্টাইলিছ নহওক কিয়, মুখৰ দুৰ্গন্ধই আপোনাৰ ভাল ব্যক্তিত্বক নষ্ট কৰিব পাৰে । তেতিয়া প্ৰায় সকলোৱে আপোনাৰ লগত কথা পাতিলেও নিজৰ দূৰত্ব বজাই ৰাখিব । সকলোৱে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে । তাতোকৈ ডাঙৰ কথাটো হ’ল মুখৰ দুৰ্গন্ধ ওলোৱাটো শাৰীৰিক অসুস্থতাৰ লক্ষণ । মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ কিছুমান ঘৰুৱা উপায় জানো আহক –
>> প্ৰতিদিনে দাঁত ব্ৰাছ কৰি জিভা, আৰু মুখগহ্বৰ পৰিষ্কাৰ কৰাৰ লগতে নিমখ পানী বা এন্টিচেপ্টিক মাউথ ৱাছেৰে দাঁত আৰু মুখগহ্বৰ ছাফা কৰিব লাগে ।
>> পদিনা পানীৰে মুখৰ কুলি কুলি কৰিলে বা পদিনা পাত চুবালেও মুখৰ দুৰ্গন্ধৰ পৰা যথেষ্ট সুফল পাব পাৰি ।
>> ৰাতি আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ নকৰিলে অৱশিষ্ট খাদ্য দাঁতৰ ফাঁকত সোমাই পচি দুৰ্গন্ধৰ সৃষ্টি হয়, সেয়ে নিতৌ ৰাতি শোৱাৰ সময়ত ব্ৰাছ কৰিব লাগে ।
>> কম মছলাযুক্ত খাদ্য খাব লাগে । প্ৰচুৰ আঁহজাতীয় আৰু সুষম পুষ্টিকৰ আহাৰ খাব লাগে । সুৰাপান আৰু ধঁপাত সেৱন ত্যাগ কৰিব লাগে ।
>> নিম তিতাৰ পাত বা ছালেৰে চাহৰ দৰে বনাই থালে যথেষ্ট সুফল পাব পাৰি । ইয়াৰ উপৰি গ্ৰীণ টিত থকা এণ্টি বেক্টেৰিয়েল উপাদানেও মুখৰ দূৰ্গন্ধ নাইকিয়া কৰাত যথেষ্ট সহায় কৰে ।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।