কলেষ্টৰেলৰ সমস্যাত ভুগিছে ? গ্ৰহণ কৰক এই কেইবিধ খাদ্য !

WhatsApp Follow

( Suffering from cholesterol problems? Eat these foods ) কলেষ্টৰেল হৈছে আমাৰ শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এবিধ উপাদান । মূলত লিভাৰৰ দ্বাৰা উৎপাদিত এই চৰ্বিযুক্ত উপাদানবিধে দেহৰ হৰমন নিয়ন্ত্ৰণত এক বিশেষ ভূমিকা পালন কৰাৰ লগতে স্বাস্থ্যৰ বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে । আমাৰ লিভাৰত তৈয়াৰ হোৱা আৰু খাদ্যৰ মাধ্যমেৰে আমাৰ শৰীৰে লাভ কৰা কলেষ্টৰেল লিপোপ্ৰটিন নামৰ এবিধ কণাৰ জৰিয়তে আমাৰ দেহৰ বিভিন্ন অংশলৈ চলাচল কৰে ।

কলেষ্টৰেল সাধাৰণতে দুই প্ৰকাৰৰ – LDL বা বেয়া কলেষ্টৰেল আৰু HDL বা ভাল কলেষ্টৰেল। নিম্ন-ঘনত্বৰ লিপোপ্ৰটিন (Low-density lipoprotein – LDL) –ক ‘বেয়া’ কলেষ্টৰেল বুলি কোৱা হয় কাৰণ এই কলেষ্টৰেল যদি বেছি হয় তেতিয়া ই আমাৰ দেহৰ ধমনীত জমা হৈ স্বাস্থ্যৰ গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে ।

আনহাতে, উচ্চ ঘনত্বৰ লিপোপ্ৰটিন (High – density lipoproteins – HDL) –ক ‘ভাল’ কলেষ্টৰেল বুলি জনা যায় । দেহত HDL –এ আমাৰ ৰক্তবাহী নলীৰ পৰা ‘বেয়া’ কলেষ্টৰেল অপসাৰণ কৰাত সহায় কৰে । গতিকে খোৱা-বোৱাৰ যতন লৈ আমি শৰীৰটোত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত গুৰুত্ব দিয়াতো অত্যন্ত দৰকাৰী । কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত উপযোগী ৭ বিধ খাদ্যৰ এখন তালিকা আমি আপোনালৈ লৈ আনিছো

পালেং শাক,
পালেং শাকত কেৰোটেনইড উপাদান পোৱা যায় । কেৰোটেনইডে শৰীৰত কলেষ্ট্ৰৰেলৰ মাত্ৰা কমাই ৰখাত সহায় কৰে ।

অ’টছ,
দৈনিক এবাটিকৈ অ’টছ গ্ৰহণ কৰি আমি বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাব পাৰোঁ। অ’টছত দ্ৰবীভূত আঁহযুক্ত পদাৰ্থ থকাৰ লগতে ই এক দীৰ্ঘ সময়ৰ বাবে আমাৰ পেটতো ভৰাই ৰাখে।

বাদাম,
চীনাবাদাম (পীনাট), আলমণ্ড, ৱালনাট আদি বাদামে আমাৰ হৎপিণ্ড ভালে ৰখাৰ লগতে LDL –ৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে ।

আপেল,
আপেলত পেক্টিন নামৰ এবিধ পদাৰ্থ থাকে । এই পদাৰ্থ বিধে LDL –ৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে । দৈনিক এটাকৈ আপেল খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায় ।

মাহজাতীয় শস্য,
মাসং আদি খোৱাতকৈ মাহজাতীয় শস্য খোৱাত অধিক গুৰুত্ব দিয়ক । বিভিন্ন ধৰণৰ বিন আদি মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে দ্ৰবীভূত আঁহযুক্ত পদাৰ্থ থাকে । সেই সমূহে বেয়া কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

Leave a Comment