পিঁয়াজৰ তেলে চুলি সৰাৰ বাবে যাদুৰ দৰে কাম কৰিব, কেনেকৈ বনাব লাগে শিকিব !

Daily Job Update Follow

পিঁয়াজৰ ৰসৰ লগত কিছু পৰিমাণে নাৰিকল তেল মিহলাই যদি পিঁয়াজৰ তেল বনাই, নিয়মিতভাৱে মূৰত ঘঁহিব পাৰিলে দেখিব যে চুলিখিনি বহুত ধুনীয়া হ’ব। পূজা বা আন অনুষ্ঠানত ধুনীয়া ধুনীয়া চুলি পাবলৈ বিচাৰিলে ? নিশ্চিতভাৱে এই তেল ব্যৱহাৰ কৰক। অতীতৰে পৰা আমি শুনি আহিছো যে পিঁয়াজ চুলিৰ বাবে অতি উপকাৰী। চুলিৰ গুৰিত সহজে পিঁয়াজৰ ৰস লগাব পাৰে। গতিকে আৰু অধিক কথা নাপাতি আহক আপুনি কেনেকৈ চুলিখিনি ধুনীয়া আৰু সুস্থ কৰি ৰাখিব পাৰে জানক –

প্ৰথমে ডাঙৰ আকাৰৰ পিঁয়াজ এটা লৈ ভালদৰে লৈ ৰস উলিয়াব লাগিব। তেলখিনি অলপ গৰম কৰিব লাগে। তাৰ পিছত এটা কাঁচৰ পাত্ৰত থৈ দিব। তাৰ পিছত ৰ’দত দিব লাগিব। আৰু তেলৰ লগত ভালদৰে মিহলাই লওক, তাৰ পিছত ৰসখিনি ভালদৰে লগাওক।

নিয়মিতভাৱে প্ৰয়োগ কৰিব পাৰিলে দেখিব যে আপোনাৰ চুলিখিনি কিমান ধুনীয়া ক’লা হৈ পৰিছে। এনেদৰে নিয়মিতভাৱে পিয়াঁজৰ ৰসৰ তেলখিনি মূৰত খুব ভালকৈ মালিচ কৰিলে দেখা পাব যে যিসকলৰ টান হৈছে, তেওঁলোকৰ মূৰত সৰু সৰু চুলি গজিছে। কমেও এঘণ্টা ধৰি ৰাখিব আৰু তাৰ পিছত চেম্পুৰে ধুই পেলাওক, দেখিব আপোনাৰ চুলিখিনি কিমান ক’লা হৈ পৰিছে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

1 thought on “পিঁয়াজৰ তেলে চুলি সৰাৰ বাবে যাদুৰ দৰে কাম কৰিব, কেনেকৈ বনাব লাগে শিকিব !”

Leave a Comment