Daily Job Update Follow

প্ৰযুক্তিৰ বিকাশৰ সৈতে, ইণ্টাৰনেট আৰু মোবাইল ফোন মানুহৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ইয়াৰ সহায়ত, দৈনন্দিন জীৱনৰ বস্তুবোৰ অতি সহজ হৈ পৰিছে, কিন্তু এই অনন্য প্ৰযুক্তিৰ কিছুমান বেয়া প্ৰভাৱও আছে। Educational Tips In Assamese

যিহেতু সকলোৱে কাম বা মনোৰঞ্জনৰ বাবে নিজৰ মোবাইল ফোনৰ সৈতে জড়িত হৈ থাকে, ঠিক তেনেদৰে সৰু ল’ৰা-ছোৱালীয়েও এবাৰ ফোনটো চোৱাৰ পিছত পিছলৈ পুনৰ ফোনটো ব্যৱহাৰ কৰিবলৈ মাক-বাপেকক জোৰ দিবলৈ ধৰে।

বহুসময়ত শিশুৱে ফোনটো নোচোৱাকৈ খাদ্য গ্ৰহণ নকৰে আৰু এয়া দেখি পিছত অভিভাৱকে নিজৰ ভুল অনুভৱ কৰে। কিন্তু ইয়াৰ মাজতে কিছুমান এনে উপায় আছে যাৰ সহায়ত অভিভাবকে নিজৰ শিশুটোক পুনৰ মোবাইলৰ আসক্তি আঁতৰ কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে। শিশুসকলক মোবাইলৰ পৰা আঁতৰা কৰাৰ উপায়…

১. বাহিৰৰ খেল খেলিবলৈ কওঁক

ক’ভিডৰ লকডাউন হোৱাৰ ফলত শিশুক দীৰ্ঘসময় ধৰি ঘৰত বন্দী কৰি ৰখা হৈছে, যাৰ বাব তেওঁলোকৰ মোবাইলৰ প্ৰতি আসক্তি বহুগুণে বৃদ্ধি পাইছে। এই সময়ছোৱাত, পাঠদানত মোবাইল ফোনৰ ব্যৱহাৰ এক বাধ্যবাধকতা হৈ পৰিছে। ইয়াৰ লগতে, শিশুসকলে বাহিৰত খেল-ধেমালি কৰাৰ অভ্যাসও হেৰুৱাই পেলাইছে। এনে পৰিস্থিতিত, বাহিৰৰ খেলৰ বাবে সন্তানক পুনৰ উৎসাহিত কৰাটো অভিভাৱকৰ দায়িত্ব হ’ব লাগে যাতে তেওঁলোকৰ মনোযোগ ম’বাইলৰ পৰা আঁতৰ কৰিপ পৰা যায়।

২. প্ৰকৃতিৰ প্ৰতি প্ৰেম বৃদ্ধি কৰক

অভিভাবকে শিশুসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ যাব, তেতিয়া সিহঁতে মোবাইল ফোনৰ পৰা সিমানে আঁতৰি থাকিব। তেওঁলোকক ক’ব যে মানুহৰ জীৱনত প্ৰাকৃতিক বস্তুবোৰৰ গুৰুত্ব কি। প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে পৰিচয় কৰাবলৈ সন্তানক পাৰ্ক, হ্ৰদ বা পাহাৰীয়া আস্থান লৈ যোৱাৰ পৰিকল্পনা কৰক।

৩. কিতাপৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব

ইণ্টাৰনেটৰ যুগত, কিতাপৰ পৰা আঁতৰি থকাটো সচৰাচৰ হৈ পৰিছে। শিশুৱেও আজিকালি কিতাপ তুলিবলৈ ভাল নাপায় কাৰণ অভিভাৱকসকলে নিজেই গোটেই দিনটো ম’বাইলত লাগি থাকে। যদি অভিভাবকে নিজে শিশুসকলৰ সন্মুখত কিতাপ পঢ়িবলৈ লয়, তেতিয়া শিশুসকলেও অনুকৰণ কৰি কিতাপখন তুলি ল’ব, যেতিয়া শিশুৱে এনে কৰিব, তেতিয়া নিশ্চিতভাৱে অভিভাবকে নিজৰ সন্তানৰ সৈতে বহি কিতাপৰ কথা আলোচনা কৰিব আৰু এনেদৰে শিশুৰ মোবাইলৰ আসক্তি দূৰ হ’ব।

৪. ম’বাইলত কঠিন পাছৱৰ্ড দি ৰাখক

যদি এইসমূহ প্ৰচেষ্টাৰ স্বত্বেও, শিশুটোৱে মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত নাথাকে, তেনেহ’লে কঠোৰ পদক্ষেপ লোৱা প্ৰয়োজন। অভিভাবকে নিজৰ মোবাইলত কঠিন পাছৱৰ্ড দি ৰাখিব লাগে যাতে শিশুৱে ফোনটো ব্যৱহাৰ কৰিব নোৱাৰে।

আৰু পঢ়ক…

Leave a Comment