দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু | Assamese Vastu Tips

WhatsApp Follow

Assamese Vastu Tips. বাস্তু শাস্ত্র অনুসৰি কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয়। আৰু সেই ঘৰখনত দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰাটো বাদেই এবাৰ ঘূৰিও নাচায়।
ফলত ঘৰখন দুখীয়া হৈ পৰে। ঘৰখনত অভাৱ আৰু নাটনিয়ে কুলাই পাচিয়ে নধৰা হয়। সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত বঞ্চিত হ’ব লগা হয়। এনে কেইবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া, সেয়া হৈছে…

মকৰাৰ জাল

ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে।

ভঙা চিঙা আইনা

ঘৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদার্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে, ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব।

বাদুলিৰ বাঁহ

ঘৰৰ চুকত বাদুলিৰ বাঁহ লোৱা আৰু বাঁহ নললেও ঘৰলৈ বাদুলিৰ আহ যাহ অমংগল। এনে হ’লে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। আৰু ঘৰখনত সদায়ে কাজিয়া পেছাল লাগি থাকিব বুলি কোৱা হয়।

দেৱাল বা চাদ ফটা

ঘৰৰ দেৱাল বা চাদ যদি ফাটিছে বা এৰি এৰি গৈছে, তেতিয়া হ’লে, তেনেকৈ বহুদিন নাৰাখিব। এয়াক সোনকালে মেৰামতি কৰাই ল’ব। নহলে ঘৰখনত অশুভ শক্তিয়ে বাঁহ ল’ব। আৰু ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপাই অমংগল, কাজিয়া পেচালেৰে ভৰি পৰিব।


আৰু পঢ়ক
>> এই ৩ ধৰণৰ মানুহক কেতিয়াওঁ সহায় নকৰিব।
>> স্বামীক নিয়ন্ত্রণ কৰিবলৈ এই ৫ টা পৰামর্শ গ্রহণ কৰক।


পানীৰ টেপ

বন্ধ কৰা পাছটো টোপটোপ কৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনে হ’লে সোনকালে মেৰামতি কৰাই ল’ব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। কিয়নো এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোঁৱাৰিব। টোপ টোপকৈ হাতৰ পৰা ওলাই যাব। আৰু যিমান চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

64 thoughts on “দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু | Assamese Vastu Tips”

Leave a Comment