শাস্ত্ৰৰ মতে, সফলতা পাবলৈ শুই উঠি এই ৪টা কাম কৰিব লাগে –

WhatsApp Follow

( According to the scriptures, these 4 things should be done when you get up to get success ) ৰাতিপুৱা শুই উঠি বহুতেই বহুতো কাম কৰে, যেনে- কোনোবাই মোবাইলটো চায়, আকৌ কোনোবাই আইনালৈ চায় । কিন্তু আজি আমি আপোনালোকক কম আচলতে ৰাতিপুৱা শুই উঠি কি কৰিব লাগে ! সেয়া জানিবলৈ সম্পূর্ণ পঢ়ক –

১/ শুই উঠি বিছনাৰ পৰা নামিয়েই সেই ভূমিক প্ৰণাম কৰিব লাগে যি ভূমিত আমি ভৰি থম। সেই ধৰিত্ৰী আইক প্ৰণাম কৰিব লাগে কিয়নো আমি তেওঁক ভৰিৰে স্পৰ্শ কৰিছোঁ। কিয়নো আমি উপায়হীন। আমিতো ধৰিত্ৰী আইৰ ওপৰত ভৰি থবই লাগিব। গতিকে প্ৰথমে আই ধৰিত্ৰীক ক্ষমা বিচাৰি তেওঁৰ ওপৰত ভৰি থৈ খোজ দিব লাগে।

২/ শাস্ত্ৰৰ মতে আমি যেতিয়া ৰাতিপুৱা শুই উঠো সৰ্বপ্ৰথমে আমি আমাৰ হাত দুখনলৈ চাব লাগে। কিয়নো আমি হাতেৰে কৰ্ম কৰি খালেহে ধন আয় কৰিব পাৰো। হাতত আগভাগত সদায় লক্ষ্মী মা থাকে আৰু মধ্য ভাগত মা সৰস্বতী বাস কৰে। আৰু হাতৰ শেষ অংশত শ্ৰী গোবিন্দৰ বাস আছে। সেইবাবে প্ৰথমেই নিজৰ হাত কেইখনলৈ চাব লাগে।

৩/পোৱা শুই উঠি আমাৰ ঘৰত যি সকল বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেওঁলোকক প্ৰণাম কৰিব লাগে। কিয়নো আমি যেতিয়াই তেওঁলোকক প্ৰণাম কৰোঁ তেওঁলোকে আমাক সুখী হবলৈ আশীৰ্বাদ দিয়ে। মা দেউতাৰ আশীৰ্বাদ যেতিয়া আমি পাম তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে আমাক পিছ পেলাব নোৱাৰে। মা দেউতা তথা বয়োজ্যেষ্ঠ জনৰ আশীৰ্বাদ লগত থাকিলে উন্নতি হোৱাটো আৰু জীৱনত সফল হোৱাটো নিশ্চিত। গতিকে প্ৰথমেই আমি মা দেউতা তথা ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ চৰণত স্পৰ্শ কৰি প্ৰণাম কৰিব লাগে।

৪/ সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব লাগে। যেতিয়া ভগবানেও মানৱ দেহ ধাৰন কৰি গৃহস্থৰূপে প্ৰৱেশ কৰে তেতিয়া ভগবানেও সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰে।

আৰু পঢ়ক-

গতিকে আমি সাধাৰণ মানুহেও ৰাতিপুৱা শুই উঠি গায়ত্ৰীৰ উপাসনা কৰিব লাগে যদি গায়ত্ৰী দেৱীক উপাসনা কৰিব নোৱাৰে তেন্তে অন্তত সূৰ্য্য দেৱতাক অৰ্ঘ্য দিব পাৰিব লাগে।

2 thoughts on “শাস্ত্ৰৰ মতে, সফলতা পাবলৈ শুই উঠি এই ৪টা কাম কৰিব লাগে –”

Leave a Comment