গৌতমৰ পৰা মৌন থকাৰ ক্ষমতা জানক | Know The Ability To Remain Silent From Gautam Buddha

(Know The Ability To Remain Silent From Gautam Buddha) এবাৰ গৌতম বুদ্ধৰ কাষত এজন বিদ্ধান ব্যক্তি আহিল, তেওঁ ইমানেই বিদ্ধান আছিল যে তাক সকলোয়ে সন্মান কৰিছিল ! তাৰ কথা মনযোগেৰে শুনিছিল, শাস্ত্র জ্ঞানে তাৰ নিচিনা শিক্ষিত সেই ৰাজ্যত বহুত কমেই আছিল । যতেই জ্ঞান সভা হৈছিল সেই ঠাইত তেওঁৰ নিজৰ জ্ঞান প্রদর্শন কৰিছিল । সেই ৰাজ্যত সকলো মানুহ তাক জ্ঞানী হিচাপে জানিছিল, আৰু বহুত সন্মান কৰিছিল ।

কিন্তু এটা সময় আহিল তাৰ নিজৰ জ্ঞানক লৈ অহংকাৰ কৰিবলৈ আৰাম্ভ কৰিল, লাহে লাহে সেই অহংকাৰ বাঢ়ি বাঢ়ি চুৰান্ত আকাৰ ধাৰণ কৰে । তেওঁ তেতিয়া জ্ঞানীৰ পৰা নিজক মহা জ্ঞানী মানিবলৈ আৰাম্ভ কৰে । তেওঁ ভাৱে যে এই পৃথিৱীৰ সকলোতকৈ জ্ঞানী ব্যক্তি গৰাকি তেওঁ নিজে । আৰু এই পৃথিৱীৰ সকলো মানুহ তাৰ তুলনাত একোয়েই নাজানে !

এদিন সেই জ্ঞানী ব্যক্তি গৌতম বুদ্ধৰ কথা জানিব পাৰে, তেওঁ এই কথা জানিবলৈ পায় যে তাৰ ৰাজ্যত এজন মহা জ্ঞানী পুৰুষ থাকে ! তেওঁ গৌতম বুদ্ধৰ বিষয়ে জানিবলৈ পাই তাৰ অহংকাৰত আঘাত লাগে । তেওঁ ভাৱিবলৈ আৰাম্ভ কৰে কোন এই ব্যক্তি ? তাৰ কি মতকৈও জ্ঞান বেছি ! সেই জ্ঞানী ব্যক্তি ভাৱে এইটো এটা ডাঙৰ সুযোগ মোক জ্ঞানী হিচাপে প্রমান কৰাৰ । মই গৌতম বুদ্ধৰ ওচৰত যাম আৰু তাক এনে কিছুমান প্রশ্ন কৰিম যাৰ উত্তৰ তেওঁ দিব নোৱাৰিব । আৰু সকলোৰে সন্মুখত প্রমান হৈ যাব মইয়ে এই ৰাজ্যৰ সকলোতকৈ জ্ঞানী ব্যক্তি ।

এইটো ভাৱি তেওঁ গৌতম বুদ্ধৰ ওচৰত যায়, এই ব্যক্তি মানুহৰ মুখত শুনিছিল যে গৌতম বুদ্ধ ভগৱাৰ বিষয়ে কোনো কথা নকয় ! এই কথা জনাৰ পাছত তেওঁ ভাৱিল, যে গৌতম বুদ্ধ নিচ্ছয় ভগৱাৰ বিষয়ে কোনো ধাৰণা নাই, সেই বাবে তেওঁ ভগৱাৰ বিষয়ে কোনো কথা নকয় । সেই বাবে তাক মই ভগৱাকলৈ প্রশ্ন কৰিম । সেই জ্ঞানী ব্যক্তি গৰাকি গৌতম বুদ্ধৰ কাষত আহি কয় – হে বুদ্ধ তোমাৰ বাবে মোৰ ওচৰত এটা প্রশ্ন আছে, মোৰ ওচৰত এনেকুৱা এটা প্রশ্ন আছে যাৰ আজিলৈকে কোনেওঁ উত্তৰ দিব পৰা নাই । লগতে সেই ব্যক্তি জনে কয় আপোনাৰ বুলে মহা জ্ঞান প্রাপ্তি হৈছে ? মই দেখিব বিচাৰোঁ আপুনি মোৰ প্রশ্নৰ উত্তৰ সঠিক দিব পাৰে নে নাই ।

তাই আপুনি যদি অনূমতি দিয়ে তেনেহলে সেই প্রশ্নটো আপোনাক মই কৰিব বিচাৰোঁ, গৌতম বুদ্ধ কয় – কোৱা তোমাৰ কি প্রশ্ন – ব্যক্তিটি কয় – মই জানিব বিচাৰোঁ ভগৱান আছে নে নাই ? গৌতম বুদ্ধ হাঁহি কয় – তাৰ আগত তুমি কোৱা তুমি কি সঁচাই ভগৱানৰ বিষয়ে জানিব বিচৰা ? নে ইয়াত তোমাৰ জ্ঞান প্রদর্শন কৰিব আহিছা ? ব্যক্তিটি কয় – আপুনি কি মোৰ প্রশ্নৰ উত্তৰ দিব নোৱাৰিব ! গৌতম বুদ্ধ কয় – মই তোমাৰ সকলো প্রশ্নৰ উত্তৰ দিম । কিন্তু তুমি কোৱা এই উত্তৰ জনাৰ বাবে তুমি কি কিবা এটা ত্যাগ কৰিব পাৰিবা ? কাৰণ এই ধৰণৰ প্রশ্ন উত্তৰ ইমান সহজতে পোৱা নাজায় !

কথাটো শুনি ব্যক্তিটি ভাৱিলে গৌতম বুদ্ধ মোৰ পৰানো কি বিচাৰিব । বেছি হ’লে মোৰ ধন – সম্পত্তি খুজিব, কিন্তু মোৰ এনেকুৱা লাগে যে মোৰ প্রশ্নৰ উত্তৰ গৌতম বুদ্ধয় দিব নোৱাৰিব । তাই গৌতম বুদ্ধই যি খুজিব মই সেইটো দি দিম । এই সকলো কথা ভাৱি ব্যক্তিটি কয় – হে বুদ্ধ আপুনি যি খুজিব মই সেইটো দিবলৈ মানতি আছোঁ । আপুনি যদি মোৰ সকলো সম্পত্তি খুজে তেনেহলে সেয়াও দিবলৈ মই মানতি আছোঁ । আপুনি এইটো কওক আপুনি কি মোৰ প্রশ্নৰ সঠিক উত্তৰ দিব পাৰিব । গৌতম বুদ্ধ হাঁহি দি ক’লে মোৰ ধন – সম্পত্তি এইবোৰ একো নালাগে, ব্যক্তিটি আচৰিত হৈ ক’লে তেনেহলে আপোনাৰ কি লাগে ? গৌতম বুদ্ধ কয় – ২ মাহ মোৰ ওচৰ থাকি মৌন ধাৰণ কৰিব লাগিব । তুমি এই ২ মাহ কোনো কথা ক’ব নোৱাৰিবা, তুমি যদি এইটো কৰিব পাৰা তেনেহলে ২ মাহ পাছত মই তোমাৰ সকলো প্রশ্নৰ উত্তৰ দিম ।

সেই ব্যক্তি এই কথা শুনি বহুত ধিদাত পৰিল, তেওঁ মনে মনে ভাৱিল গৌতম বুদ্ধ মোৰ পৰা কি খুজিলে ! বহু চিন্তা ভাৱনাৰ পাছত তেওঁ মানতি হ’ল । গৌতম বুদ্ধ ক’লে – ঠিক আছে, কালি পুৱাৰ পৰা তোমাৰ মৌন প্রথা আৰাম্ভ হ’ব । সেই জ্ঞানী ব্যক্তিজনে ভাৱিলে এইটো মই কি কৰিলোঁ মোৰ জীৱতো ভালেই কাটিবলৈ লৈছিল, মই কিয় গৌতম বুদ্ধৰ লগত জ্ঞান প্রদর্শন কৰিব আহিলো । ইয়াত জ্ঞান প্রদর্শন কৰিবলৈ আহি মই ইয়াত ২ মাহৰ বাবে বন্ধি হলো । এতিয়া মই ২ মাহ কাৰোবাৰ আগত জ্ঞান প্রদর্শন নকৰি কেনেকৈ থাকিম !

সেই কথামতে তাৰ মৌন প্রথা আৰাম্ভ হ’ল, প্রথম দিনটো কেনেবাকৈ পাৰ কৰিলে ! কিন্তু দ্বিতীয় দিনে তাৰ মন নবহা হ’ল, তেওঁ বাহিৰত কথা নকৈ থাকে, কিন্তু তাৰ মনৰ মাজত বহু কথা আহি থাকে । সেই বাবে তাৰ এক মুহূর্ত কটাবলৈ বহুত কষ্ট হয়, কিন্তু তাৰ কৰাৰ একো নাই ২মাহ মৌন প্রথা পালন কৰিব লাগিব । সেই বাবে সেই ঠাইত থকা অইন বক্তৰ সকলৰ লগত ধ্যান কৰিবলৈ আৰাম্ভ কৰে । ধ্যানতো কৰে কিন্তু তাৰ মনৰ মাজত অস্থিৰতা থাকি যায়, গৌতম বুদ্ধ তাৰ মনৰ কথা জানিব পাৰে, গৌতম বুদ্ধ সেই ব্যক্তিক এটা নদীৰ কাষত লৈ যায়, আৰু তাক কয় মই তোমাক অলপ সময়ৰ বাবে মৌনতা ভাঙাৰ অনূমতি দিলো, তোমাৰ মনৰ মাজত যি আছে তুমি মোক ক’ব পাৰা ! গৌতম বুদ্ধৰ কথা শুনি সেই ব্যক্তি ভাৱিলে মই যদি কথা কওঁ, আৰু গৌতম বুদ্ধই যদি মোক কয় তুমি তোমাৰ শর্ত ভাঙিছা বুলি তেনেহলে কি হ’ব ।

আৰু পঢ়ক-

গৌতম বুদ্ধ কয় – তুমি কি তোমাৰ শংকল্প ভাঙিব নিবিচৰা ? আচ্ছা ঠিক আছে তুমি কোৱাচোন তুমি কি এই পুখুৰীৰ পৰিস্কাৰ পানীত জোনাকৰ ছাঁ দেখিবলৈ পাইছা ? ব্যক্তিটি মাথা লৰাই হয় ক’লে । গৌতম বুদ্ধ ক’লে আচ্ছা তুমি এটা পাথৰ লোৱা আৰু পুখুৰীৰ পানীত চৰি মাৰা, ব্যক্তিটি সেয়াই কৰিলে । তাৰ পাছত গৌতম বুদ্ধ কয় – তুমি কি এতিয়াও আগৰ দৰেই জোনাকৰ ছাঁ দেখিবলৈ পাইছা ? ব্যক্তিটি এইবাৰ মাথাৰে না কৰিলে । গৌতম বুদ্ধ কয় – যেনে শান্ত স্থিৰ পানীত জোনাকৰ ছাঁ দেখা যায়, ঠিক তেনেদৰে আমি যেতিয়া শান্ত স্থিৰ থাকো, তেতিয়া আমাৰ জীৱনৰ বহু সত্য দেখা পাওঁ । তুমিতো ১০ দিন ধৰি কথা নকোৱা কিন্তু তুমি কি সত্যকাৰে মৌন হৈ আছা ? তুমি হয়তো বাহিৰৰ পৰা মৌন আছা, কিন্তু তোমাৰ মনৰ মাজত সকলো সময়ত অকল কথাই কোৱা । তুমি তোমাৰ মনৰ মাজত কাৰ কাৰ লগত কথা কৈছা সেয়া অকল তুমি জানা ।

সেই বাবে শান্ত থাকা, আৰু তোমাৰ মনৰ মাজত কি কি বিচাৰ আহে সেয়া পৰিলক্ষিত কৰা ! তুমি যদি তোমাৰ মনৰ কথাবোৰ পৰিলক্ষিত কৰিব পাৰা তেনেহলে দেখিবা তোমাৰ মনৰ কথা লাহে লাহে কমি যাব । তোমাৰ মনৰ মাজত ওলটা পালটা কথাবোৰ আৰু নাহে, লাহে লাহে নাইকিয়া হৈ যাব । যিমানখিনি কথা কোৱাৰ প্রয়োজন সিমানখিনিই ক’ব লাগে । বেছি কথায় আমাৰ প্রকৃত জ্ঞান আৰু সততাৰ পৰা দূৰত ৰাখে । তাৰ পাছত সেই জ্ঞানী ব্যক্তিটি লাহে লাহে ভিতৰ আৰু বাহিৰৰ পৰা মৌন থকা চেষ্টা কৰিলে ।

কিছুদিন পিছত তাৰ মন লাহে লাহে শান্ত হৈ গ’ল, ২ মাহ পাৰ হৈ যোৱাৰ পিছত গৌতম বুদ্ধ কয় – এতিয়া তুমি কথা ক’ব পাৰা ! যি যি তোমাৰ মোৰ ওচৰত প্রশ্ন আছে কৰিব পাৰা । ইমান দিন পিছত সেই ব্যক্তিটি প্রথম যি কথাটো ক’লে সেয়া হ’ল – বুদ্ধ । তাৰ কথাৰ মাজত যেন বেলেগ ধৰণৰ শান্তি আছিল, বেলেগ ধৰণৰ মৰম আছিল । তেওঁ ক’লে হে বুদ্ধ মই যেতিয়া আপোনাক প্রশ্ন কৰিছিলো, তেতিয়া মই নিজক শ্রেষ্ট জ্ঞানী ভাৱিছিলো । কিন্তু এতিয়া মই বুজিব পাৰিছো, মই আচলতে কিমান বুৰ্বক আছিলো ! নিজক অজ্ঞানয়তাই বঢ়ি ৰাখিছিলো । মই ভাৱিছিলো যে মই শ্রেষ্ট জ্ঞানী, সেই বাবে যতেই জ্ঞান সভা হৈছিল তাতেই মই মোৰ জ্ঞান প্রদর্শন কৰিছিলো । কিন্তু এই ২ মাহত মই বুজিলো আচল জ্ঞানতো শান্ত থকাৰ ফলত পোৱা যায় । শান্ত থাকিলে নিজক জানিব পাৰি, সত্তক জানিব পাৰি, এই ২ মাহত মই বহুত শান্ত হৈছোঁ । মোৰ মাজত থকা জ্ঞানৰ অহংকাৰ নাইকিয়া হৈছে ! সেই বাবে মোৰ আপোনাক কোনো প্রশ্ন কৰাৰ নাই ।

বন্ধু বান্ধৱী সকল এই কাহিনীটোৰ পৰা জানিব পাৰি মৌন থকা শক্তি কিমান ! কথা কম কোৱা শক্তি কিমান । আমাৰ শৰীৰে প্রতিদিন বহুত (NRG) প্রস্তুত কৰে, আমি তাৰ বেছিভাগ অদৰকাৰী কথা কৈ নষ্ট কৰোঁ । কথা অকল মুখত নহয়, মনৰ মাজত সকলো সময়ত কথা কওঁ, সেই বাবে আমাৰ সকলোৰে অচিত যিমাখিনি প্রয়োজন সিমানখিনি কথা কোৱাৰ ।

Leave a Comment