অচিনাকি মহিলাৰে উলংগ হৈ ভিডিঅ’ কল কৰি ৬০ লাখ টকা হেৰুৱালে যুৱকে !

WhatsApp Follow

A young man lost Rs 60 lakh by making a naked video call with an unknown woman, যৌনতাৰ জালত পেলাই ভয় দেখুৱাই এজন ৬৫ বছৰীয়া লোকৰ পৰা হেকাৰে লৈ গ’ল ৬০ লাখ টকা ৷ এই ঘটনা সংঘটিত হৈছে মুম্বাইত ৷ অপৰাধৰ ভাষাত ইয়াৰ নাম ‘ছেক্সটৰচন’৷ অচিনাকি মহিলাৰ সৈতে ভিডিঅ’ কলত যৌনতাত লিপ্ত হৈছিল ৬৫ বছৰীয়া লোকজন ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে ৷

পত্নীৰ বিয়োগৰ পিছত অকলশৰে কটাবলগীয়া হয় এই লোকজনে ৷ ইয়াৰ পিছতে মেট্রিমনিয়েল ছাইটত নিজৰ প্রফাইল খুলিছিল লোকজনে ৷ এই ছাইটত এগৰাকী মহিলাৰ সৈতে বার্তালাপ হয় লোকজনৰ ৷ কিছুদিনৰ ভিতৰতে তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠে ৷ আনকি দুয়ো ফোনত কথা পাতিবলৈ লয় ৷ লাহে লাহে লোকজনলৈ মহিলাগৰাকীয়ে ভিডিঅ’ কল কৰিবলৈ লয় ৷ বিবস্ত্র হৈ মহিলাগৰাকীয়ে লোকজনক ভিডিঅ’ কল কৰিবলৈ লোৱাৰ উপৰি তেওঁকো বিবস্ত্র হ’বলৈ আহ্বান জনায় ৷

শেষত সেই লোকজনৰ ভিডিঅ’ ফাদিল কৰি দিয়াৰ ভাবুকি দেখুৱাই ৬০ লাখ টকা সৰকাইছে অপৰাধী চক্রটোৱে ৷ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই দুর্বৃত্তক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছে যদিও সক্ষম হোৱা নাই ৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বেও এনে অনুৰূপ ঘটনা সংঘটিত হৈছে মুম্বাইত ৷

1 thought on “অচিনাকি মহিলাৰে উলংগ হৈ ভিডিঅ’ কল কৰি ৬০ লাখ টকা হেৰুৱালে যুৱকে !”

Leave a Comment