ৰাষ্ট্ৰীয় ক্ৰিকেট দলত অসমৰ কন্যাৰ স্থান, কোন সেইজনী চাওক !

অৱশেষত ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসমৰ কন্যা উমা ছেত্ৰী। ভাৰতীয় মহিলা ক্ৰিকেট দলত নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ক্ৰিকেটাৰ উমা ছেত্ৰী।

উমা ছেত্ৰীক টি-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত কৰা হৈছে। বাংলাদেশত তিনিখন টি-২০ আৰু এদিনীয়া মেচ খেলিব। দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম ঘোষণা কৰে বিচিচিআইয়ে। উমা এজন প্ৰতিভাৱান উইকেটকীপাৰ আৰু বেটছমেন।

এইজন ক্ৰিকেটাৰ বিশৰ দশকৰ ভাল সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। শেহতীয়াকৈ হংকঙত অনুষ্ঠিত হোৱা মহিলা ইমাৰ্জিং এছিয়া কাপ (টি-২০)ত ইণ্ডিয়া ‘এ’ৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Leave a Comment