এই জনপ্ৰিয় চৰকাৰী বেংকটোৱে ১৭৫ দিনৰ ফিক্সড ডিপজিটত সৰ্বাধিক সুত দিয়ে !

WhatsApp Follow

ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল বেংকত টকা ৰখা। যদি আপুনি বেংকত চেভিংছ একাউণ্টত টকা ৰাখে তেন্তে আপুনি সৰ্বোচ্চ ৪ শতাংশ পৰ্যন্ত সুত পাব পাৰে। কিন্তু যদি আপুনি বেংকত ফিক্সড ডিপ’জিট কৰে তেন্তে আপুনি ৭ শতাংশৰ পৰা ৯ শতাংশলৈকে।

কিন্তু বেংকত ফিক্সড ডিপ’জিট কৰিবলৈ আপুনি সৰ্বাধিক ১ বছৰৰ বাবে জমা কৰিব লাগিব কিন্তু এই জনপ্ৰিয় চৰকাৰী বেংকে নিজৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ ফিক্সড ডিপ’জিটৰ অফাৰ আনিছে। এনে ক্ষেত্ৰত বেংকৰ গ্ৰাহকে মাত্ৰ ১৭৫ দিন জমা কৰি সৰ্বাধিক সুত লাভ কৰিব পাৰিব।

আজিৰ প্ৰতিবেদনত ১৭৫ দিনৰ ছুপাৰ স্পেচিয়েল ফিক্সড ডিপজিটত ধন ৰাখি কেনেকৈ সৰ্বাধিক সুত পাব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে। কোনটো বেংকে এই অফাৰ আগবঢ়াইছে আৰু আপুনি কিমান টকা পাব তাৰ সবিশেষ জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক।

চুপাৰ বিশেষ ফিক্সড ডিপজিট আঁচনি

ভাৰতৰ এটা জনপ্ৰিয় চৰকাৰী বেংক হৈছে বেংক অৱ ইণ্ডিয়া। এই বেংকে নৱবৰ্ষ উপলক্ষে চুপাৰ স্পেচিয়েল ফিক্সড ডিপ’জিট আঁচনিৰ ঘোষণা কৰে। এই আঁচনিখনত কেৱল বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকেহে সুবিধা লাভ কৰাই নহয়, নতুন গ্ৰাহকেও এই বেংকত একাউণ্ট খুলি সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিখন ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতে আৰম্ভ কৰা হৈছে।

সুতৰ পৰিমাণ

বেংক অৱ ইণ্ডিয়া চুপাৰ স্পেচিয়েল ফিক্সড ডিপ’জিট আঁচনিত আপুনি ১৭৫ দিনৰ বাবে ২ কোটিৰ পৰা ৫০ কোটি টকাৰ বিনিয়োগৰ ৭.৫০% সুত লাভ কৰিব। অৰ্থাৎ এই ক্ষেত্ৰত যদি আপোনাৰ হাতত বৃহৎ পৰিমাণৰ ধন থাকে, তেন্তে আপুনি হ্ৰস্বম্যাদী বিনিয়োগ কৰি বহুত ভাল ৰিটাৰ্ণ পাব পাৰে।

আৰু পঢ়ক – ১০০ টকা বিনিয়োগ কৰি ১১ লাখ লাভ কৰক, LIC-য়ে আৰম্ভ কৰিছে অতি লাভজনক আঁচনি !

কিমান টকা ৰাখি কিমান টকা পাব ?

বেংক অৱ ইণ্ডিয়াৰ চুপাৰ স্পেচিয়েল ফিক্সড ডিপ’জিট আঁচনিত নূন্যতম বিনিয়োগৰ পৰিমাণ ২ কোটি টকা। এই ক্ষেত্ৰত যদি আপুনি ১৭৫ দিনৰ বাবে ২ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰে, তেন্তে আপুনি সৰ্বোচ্চ সুত প্ৰায় ৭.১৯ লাখ টকা পাব, অৰ্থাৎ ২ টকাত ১৭৫ দিনৰ পিছত মেচিউৰিটিৰ সময়ত সুতসহ ৰিটাৰ্ণ পাব কোটি ৭ লাখ টকা।

1 thought on “এই জনপ্ৰিয় চৰকাৰী বেংকটোৱে ১৭৫ দিনৰ ফিক্সড ডিপজিটত সৰ্বাধিক সুত দিয়ে !”

Leave a Comment