SBI-ৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ, এতিয়া পাব এই বিশেষ সুবিধা !

WhatsApp Follow

‘উইকেয়াৰ ফিক্সড ডিপ’জিট’ আঁচনিত বিনিয়োগৰ সময়সীমা বৃদ্ধি কৰিলে এছবিআয়ে। দেশৰ বৃহত্তম বেংকত যিসকলে এফডি কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে এটা সুখবৰ। ২০২৪ৰ ৩১ মাৰ্চ আছিল এই আঁচনিত বিনিয়োগৰ অন্তিম তাৰিখ। বৰ্তমান এছবিআয়ে সময়সীমা বৃদ্ধি কৰি ৩০ ছেপ্টেম্বৰ কৰিছে। অৰ্থাৎ আগন্তুক ৫ মাহ এই আঁচনিত বিনিয়োগ কৰিব পাৰিব গ্ৰাহকসকলে।

এছবিআই উইকেয়াৰ আঁচনিত সুদৰ হাৰ ৭.৫ শতাংস। ষ্টেট বেংক অব ইণ্ডিয়াৰ এই আঁচনিত প্ৰবীণ নাগৰিকসকলক সাধাৰণ বিনিয়োগকাৰীসকলতকৈ ০.৫ শতাংশ বেছি সুদ দিয়া হয়। এই আঁচনিত ৫ৰ পা ১০ বছৰ ম্যাদত বিনিয়োগ কৰিব পাৰি। এছবিআয়ে জনাইছে, নতুন আৰু পুনৰনবীকৰণযোগ্য এফডিত এই হাৰত সুদ দিয়া হ’ব।

প্ৰবীণ নাগৰিকসকলে সাধাৰণতে নিৰাপদ স্থানত বিনিয়োগ কৰিব বিচাৰে। যাতে নিশ্চিত ৰিটাৰ্ণ লাভ কৰিব পাৰে। সেইবাবে ফিক্সড ডিপ’জিট তেওঁলোকৰ প্ৰথম পছন্দ। এছবিআই ইউকেয়াৰ আঁচনিত চমৎকাৰ লাভ পোৱা যায়। কোনো অনিশ্চয়তা নাই। কোভিডৰ সময়ত প্ৰবীণ নাগৰিকসকলৰ অৰ্থ নিৰাপদে ৰখাৰ বিকল্প হিচাপে উইকেয়াৰ বিশেষ এফ ডি আঁচনি আৰম্ভ কৰিছিল এছবিআয়ে।

সাধাৰণতে, প্ৰবীণ নাগৰিকসকলে বেংকত ফিক্সড ডিপ’জিত আঁচনিত ৫০ বেছিছ পইণ্ট বেছি সুদ লাভ কৰে। কিন্তু এছবিআই উইকেয়াৰ এফডিত অতিৰিক্ত ৫০ বেছিছ পইণ্টৰ উপৰি আৰু ৫০ বেছিছ পইণ্ট বৰ্ধিত সুদ দিয়া হয়। অৰ্থাৎ এই আঁচনিত প্ৰবীণ নাগৰিকসকলে লাভ কৰে ১ শতাংশ বেছি সুদ।

লগতে চাওক – ঘৰ নিৰ্মাণৰ বাবে দিয়া হ’ব ৩০ লাখ টকাৰ ৰাজসাহায্যযুক্ত ঋণ !

কোনোৱে যদি উইকেয়াৰ ফিক্সড ডিপ’জিট আঁচনিত ৫ লাখ টকা বিনিয়োগ কৰে, তেন্তে ৭.৫০ শতাংশ সুদৰ হাৰত তেওঁ ৫,৪১,৯১৩ টকা ৰিটাৰ্ণ পাব। ইয়াৰ ভিতৰত সুদ পাব ৪১,৯১৩ টকা। উল্লেখযোগ্য যে ৭ দিনৰ পৰা ১০ বছৰৰ ম্যাদৰ সাধাৰণ ফিক্সড ডিপ’জিটত ৩.৫ শতাংশৰ পৰা ৭.৫ শতাংশ হাৰত সুদ দিয়ে এছ বি আয়ে। লগতে আয়কৰ আইন অনুসৰি টিডিএছ কটা হয়।

ইয়াৰ পূৰ্বে এছবিআই উইকেয়াৰ আঁচনিৰ সময়সীমা ৩ মাহ বৃদ্ধি কৰিছিল এছবিআয়ে। কোভিডৰ সময়ত আৰম্ভ হৈ ২০২৩ৰ ৩০ জুনত শেষ হোৱাৰ কথা আছিল। কিন্তু বিনিয়োগৰ সময়সীমা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বৃদ্ধি কৰা হয়। ইয়াৰ পিছত কেইবাবাৰো সময় বৃদ্ধি কৰা হয়। বৰ্তমান সেয়াই বৃদ্ধি কৰি ৩০ ছেপ্টেম্বৰ কৰা হৈছে।

Leave a Comment