BISAG-ত কাৰ্যবাহী পদৰ বাবে নিযুক্তি, দৰমহা ৩০,০০০/- টকা

WhatsApp Follow

BISAG Recruitment 2024 ৰ অধিসূচনা জাৰি কৰিছে বিছাগে। ভাস্কৰাচাৰ্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনছ এণ্ড জিঅ’-ইনফৰ্মেটিক্স (Bhaskaracharya National Institute for Space Applications and Geo-informatics) অৰ্থাৎ BISAG-N ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ এণ্ড ইনফৰ্মেশ্যন টেকন’লজি মন্ত্ৰালয় (MeitY)ৰ অধীনস্থ এটা সংস্থা য’ত কাৰ্যবাহী পদৰ বাবে নিযুক্তি দিয়া হৈছে। সবিশেষ জানিবলৈ সম্পূর্ণ পঢ়ক –

পদৰ নাম – BISAG এই নিযুক্তিৰ জৰিয়তে মূলতঃ আই টি এক্সিকিউটিভ (IT Executive) পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়া হ’ব।

মুঠ খালী পদ – আপাততঃ মুঠ ৫৪টা খালী পদ পূৰণ কৰা হ’ব।

মাহেকীয়া দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ গড় মাহিলী দৰমহা ৩০,০০০/- টকাৰ পৰা আৰম্ভ হৈছে।

শিক্ষাগত অৰ্হতা – কম্পিউটাৰ বিজ্ঞান বা আই টি বা কম্পিউটাৰ এপ্লিকেচনত স্নাতক।

প্ৰাৰ্থীৰ বয়সৰ সীমা – বয়সৰ কোনো সীমাৰ কথা উল্লেখ কৰা হোৱা নাই। আবেদনকাৰীয়ে প্ৰাপ্তবয়স্ক হোৱাৰ উপৰিও ওপৰত উল্লেখ কৰা শিক্ষাগত অৰ্হতা লাভ কৰিলে আবেদন কৰিব পাৰিব।

আবেদনৰ অন্তিম তাৰিখ – ১২/০১/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। তলত চৰকাৰী অধিসূচনাৰ লিংক দিয়া হৈছে, য’ত ইমেইল ঠিকনা দিয়া হৈছে।

আৰু পঢ়ক – ৰেলৱে টিকট সংগ্ৰাহকৰ চাকৰি, আজিয়ে আবেদন কৰক

কেনেকৈ আবেদন কৰিব: ইমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব।

১/ আপোনাৰ সকলো তথ্যৰে চিভি বনাওক।

২) সেই ক্ষেত্ৰত আপোনাৰ নাম, অভিভাৱকৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি দিব।

৩/ আপোনাৰ ৰঙীন পাছপ’ৰ্টৰ আকাৰৰ ফটো যোগ কৰি স্বাক্ষৰ কৰক।

৪/ সকলো সমৰ্থনকাৰী দস্তাবেজ সংলগ্ন কৰিব লাগে আৰু ধাৰ্য্য কৰা ইমেইল ঠিকনালৈ প্ৰেৰণ কৰিব লাগে।

Important Links

Official NotificationClick Here 
Official WebsiteClick Here 

1 thought on “BISAG-ত কাৰ্যবাহী পদৰ বাবে নিযুক্তি, দৰমহা ৩০,০০০/- টকা”

Leave a Comment