কাৰোবাক ব্লক বা আনফ্ৰেণ্ড কৰিলেই সকলো সম্পৰ্ক শেষ হৈ নাযায় !

WhatsApp Follow

কাৰোবাক ব্লক বা আনফ্ৰেণ্ড কৰিলেই সকলো সম্পৰ্ক শেষ হৈ নাযায়,, কিছুমান বন্ধুত্ব আৰু ভালপোৱা সামান্য কথাতে খঙ, অভিমান, কাজিয়া কৰি ফেচবুক, ৱাটচ্চাপ, ফোন কল সকলো ব্লক কৰি দিয়ে। কিন্তু সচাঁ কথাটো হ’ল যিজনে আপোনাক সচাঁকৈ অন্তৰ আত্মাৰ পৰা ভালপাব, সন্মান কৰিব, গুৰুত্ব দিব সেইজনে হয়তো খঙ, অভিমান বা কাজিয়া কৰি হয়তো কেতিয়াবা ব্লক কৰিব পাৰে, কিন্তু তোমাৰ লগত সম্পৰ্ক কেতিয়াও শেষ কৰি নিদিব।

এদিন দুদিন পিছতে খঙ, অভিমান কমিলে পুনৰ আনব্লক কৰি দিব। কিন্তু যিজনে সচাঁকৈ আপোনাক অন্তৰ আত্মাৰ পৰা ভাল নাপায় তেওঁ সকলো সময়তে আপোনাৰ পৰা বিৰক্ত অনুভৱ কৰিব। তেওঁ আপোনাক খুলি পৰা নাই যে মোক ফোন মেছেজ নকৰিব। সেইকাৰণে তেওঁ সামান্য কিবা নহয় কিবা এটা সুযোগ বিচাৰি ফুৰিব যে আপোনাৰ পৰা কেনেকৈ হাত হাৰি যাব পাৰিব বা আপোনাক কেনেকৈ ব্লক কৰিব।

যেতিয়া তেওঁ আপোনাৰ সামান্য কিবা এটা ভুল বিচাৰি পাব তেতিয়া তেওঁ আপোনাৰ সকলো ব্লক কৰি দিব। গতিকে যিজনে আঁতৰি যাব বিচাৰে তেওঁক যাব দিব লাগে, কাৰণ কাৰোবাক জোৰ কৰি ধৰি ৰাখিব বিচাৰিলে তেওঁৰ কোনো ভালপোৱা, সন্মান, গুৰুত্ব একো পোৱা নাযায়। পোৱা যায় মাথোঁ অৱহেলা তথা অহংকাৰ। সেই বাবে জোৰ কৰি কাৰোবাৰ লগত থকাতকৈ নথকাই ভাল।

Aminul Hoque
Facebook Page : আমি অসমীয়া

Leave a Comment