আৰ্থিক উন্নতিৰ বাবে আজিয়ে ঘৰলৈ আনক এই মূৰ্তিবোৰ !

WhatsApp Follow

Bring these idols home today for financial improvement: বাস্তু শাস্ত্ৰত বাস্তুৰ বিশেষ গুৰুত্ব আছে, ঘৰ বনাওঁতে দিশ, কোণ অনুযায়ী কৰা হয়, যেনেপাকঘৰ, বাথৰুম সকলো কৰা হয়, বা ঘৰত টিভি বা ঠাকুৰ ক’ত ৰাখিব লাগে, কিন্তু… ইয়াক কোণ আৰু দিশ অনুসৰি কৰা হয়। সঠিক বস্তুবোৰ যদি সঠিকভাৱে ৰাখে, তেন্তে দেৱতাৰ আশীৰ্বাদ পাব।

ঘৰখন সজাবলৈ বিভিন্ন ধৰণৰ মূৰ্তি আৰু ছবি ঘৰলৈ আনে যদিও আৰ্থিক সংকট দূৰ নহয়, কিন্তু কিছুমান মূৰ্তি আছে যিবোৰ ঘৰলৈ আনি যত্ন ল’লে আৰ্থিকভাৱে উন্নতি হ’ব, চাওকচোন মূর্তিবোৰ –

লক্ষ্মী দেৱীৰ মূৰ্তিঃ বাস্তু শাস্তৰ মতে যদি আপুনি দেৱী লক্ষ্মীৰ মূৰ্তিটো আনি যদি উত্তৰ ফালে ৰাখে তেন্তে সেয়া অতি শুভ, আৰু দেৱী লক্ষ্মী নিজেই আপোনাৰ ঘৰত বাস কৰিব, ধন-সম্পত্তিৰ দেৱীয়ে আপোনাক বহুত আৰ্থিক সুবিধা দিব, ব্যৱসায় কৰিলে আপুনি বহুত সফল হ’ব।

ৰাজহাঁহৰ মূৰ্তিঃ যদি আপুনি আপোনাৰ বিবাহিত জীৱনত অতি সুখী হ’ব বিচাৰে তেন্তে আপোনাৰ ড্ৰয়িং ৰুমত এযোৰ হাঁহৰ মূর্তি ৰাখিব পাৰে। প্ৰতিমূৰ্তি নাপালে ছবি এখনো দিব পাৰে। হাঁহৰ মূর্তি ৰাখিলে আপুনি বিবাহিত জীৱনত বহুত সুখী হ’ব। স্বামী-স্ত্ৰীৰ মাজত কেতিয়াও অস্থিৰতা নাথাকিব।

গৰুৰ মূৰ্তিঃ হিন্দু ধৰ্মত গৰুক ঈশ্বৰ হিচাপে পূজা কৰা হয়। গতিকে যদি আপুনি আপোনাৰ ঘৰৰ ক’ৰবাত এটা গৰু পিতলৰ মূৰ্তি ৰাখে তেতিয়া আপোনাৰ ঘৰৰ পৰা ঋণাত্মক শক্তি ওলাই যাব, ধণাত্মক শক্তি প্ৰকাশ পাব আৰু আপুনি জীৱনৰ সকলো কামতে আগবাঢ়ি যাব পাৰিব।

কাছৰ মূৰ্তিঃ ঘৰত কাছৰ মূৰ্তি ৰখাটো অতি শুভ, জ্যোতিষীসকলে কয় যে ভগৱান বিষ্ণুৰ অৱতাৰ হৈছে কাছ, গতিকে কাছৰ মূৰ্তি ঘৰৰ পূব আৰু উত্তৰ দিশত ৰাখিলে আপোনাৰ ধন-সম্পত্তি বৃদ্ধি পাব আৰু আপুনি আৰ্থিক সংকটৰ পৰা সকাহ পাব।

এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Jibonor Shongram এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “আৰ্থিক উন্নতিৰ বাবে আজিয়ে ঘৰলৈ আনক এই মূৰ্তিবোৰ !”

Leave a Comment