নূন্যতম অৰ্হতাৰে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, আজিয়ে আবেদন কৰক

WhatsApp Follow

Central Government jobs with minimum qualifications, apply today: ৰাজ্যৰ চাকৰি আকাংক্ষী সকলৰ বাবে এক সুন্দৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনত সংস্থাটোৱে প্ৰকাশ কৰিছে নতুন চাকৰিৰ অধিসূচনা। য’ত নিযুক্তি প্ৰত্যক্ষ সাক্ষাৎকাৰৰ জৰিয়তে কৰা হ’ব। শিক্ষাগত অৰ্হতা, দৰমহাৰ গাঁথনি, নিযুক্তি প্ৰক্ৰিয়া, আৰু চাকৰিৰ বিষয়ে সম্পূৰ্ণ তথ্য পাবলৈ অনুগ্ৰহ কৰি তলৰ প্ৰতিবেদনখন ভালদৰে অনুসৰণ কৰক।

যোৱা ২ ডিচেম্বৰত 07/YP/2023/HRD নম্বৰৰ অধিসূচনা অনুসৰি Bureau of Indian standard এখন অধিসূচনা জাৰি কৰিছে য’ত ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা সকলো ল’ৰা-ছোৱালীয়ে আবেদন কৰিব পাৰিব। young Professional পদৰ বাবে জাননী প্ৰকাশ কৰা হৈছে। এই চাকৰিৰ বাবে মুঠ পাঁচটা পদ খালী।

চৰকাৰী জাননীত উল্লেখ আছে যে এই পদৰ বাবে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা আনুষংগিক বিষয়ত B.TECH ডিগ্ৰী পাছ কৰিব লাগিব। অধিক জানিবৰ বাবে চৰকাৰী জাননীখন ডাউনলোড কৰিব পাৰিব। এই চাকৰিৰ বাবে সৰ্বোচ্চ বয়স ৪৫ বছৰলৈকে আবেদন কৰিব পাৰিব। এই পদত চাকৰি পালে আপোনাৰ মাহিলী দৰমহা ৭০ হাজাৰৰ পৰা ১ লাখ ৫০ হাজাৰ টকাৰ ভিতৰত হ’ব। এই চাকৰিৰ বাবে প্ৰাৰ্থীয়ে কোনো লিখিত পৰীক্ষা দিব নালাগিব, নিযুক্তি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ জৰিয়তে কৰা হ’ব।

চৰকাৰী অধিসূচনাত এই চাকৰিৰ বাবে অনলাইনৰ জৰিয়তে পোনপটীয়াকৈ আবেদন কৰিবলৈ কোৱা হৈছে। তলত দিয়া লিংকটোৰ পৰা অফিচিয়েল ৱেবছাইটত গৈ আপুনি পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰ পিছত আপোনাৰ সকলো তথ্য দি ১৬ ডিচেম্বৰৰ ভিতৰত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। এই চাকৰিৰ বাবে কোনো আবেদন মাচুল ৰখা হোৱা নাই। আবেদনৰ অন্তিম তাৰিখ ১৬ ডিচেম্বৰ ২০২৩।

Apply Online: Click Here
Official Notice: Click Here
Official Website: Click Here

Leave a Comment