ঘৰ নিৰ্মাণ কৰাৰ আগতে এইখিনি কাম কৰক, ঘৰখনত সদায় সুখ-শান্তি, ধন-সম্পত্তিৰে ভৰি থাকিব !

WhatsApp Follow

বাস্তুৰ মতে আপোনাৰ ঘৰখন কেনেকৈ নিৰ্মাণ কৰিছে তাৰ ওপৰত আপোনাৰ ঘৰখনৰ সুখ-শান্তি, ধন-সম্পত্তি, সু-স্বাস্থ্য সকলোখিনি‌ নিৰ্ভৰ কৰে। যদিহে বাস্তুশাস্ত্ৰৰ নীতি প্ৰয়োগ কৰি আপোনাৰ ঘৰখন নিৰ্মাণ কৰে তেতিয়া ঘৰখনত সদায় সুখ-শান্তি বিৰাজমান হয়। ঘৰ এখন কেনেকৈ নিৰ্মাণ কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞ ধূৰ্জতি বৰুৱাই।

তেওঁ উল্লেখ কৰা অনুসৰি, বাস্তুশাস্ত্ৰৰ নীতি মতে যদি ঘৰ এখন বন্ধা হয় তেতিয়া ঘৰখনত সদায় সুখ-শান্তি, সমৃদ্ধি, ধন-সম্পত্তি, সু-স্বাস্থ্য সকলো বিৰাজমান হয়। আৰু ইয়াৰ ওপৰতে বাস্তুশাস্ত্ৰৰ গোটেই নীতি নিৰ্দেশনাখিনি আছে। অসমৰ ক্ষেত্ৰত যদি চোৱা যায় ঘৰ নিৰ্মাণ কৰাৰ প্ৰথম অৱস্থাতে বাস্তুশাস্ত্ৰৰ মতে ঘৰখন নিৰ্মাণ কৰা ঘৰৰ সংখ্যা একেবাৰে নগন্য।

প্ৰায় লোকে নিৰ্মাণ কৰা ঘৰখনেই বাস্তুশাস্ত্ৰৰ মতে শুদ্ধ কৰি লয়। নিৰ্মাণ কৰা ঘৰখনো যদি বাস্তুশাস্ত্ৰৰ নীতি প্ৰয়োগ কৰি শুদ্ধ কৰা হয় তেতিয়া ঘৰখনলৈ আমোল পৰিৱৰ্তন আহে। ঘৰৰ মূল দুৱাৰখন কোনটো দিশত হ’ব লাগে? বহুতে ভাৱে যে ঘৰৰ মূল দুৱাৰখন পূব দিশত হ’লে ভাল বা পশ্চিম দিশত হ’লে বেয়া। তেনেকুৱা একো কথা নাই ঘৰৰ মূল দুৱাৰখন চাৰিটা দিশতে শুভ। কিন্তু মূল দুৱাৰৰ স্থানটো সঠিক হোৱা উচিত।

লগতে চাওক – চাকৰি, ব্যৱসায়ৰ উন্নতি, হঠাতে আহিব টকা ! ডোলাৰ পিছত শুভ যোগত ধনুসহ বহু ৰাশিৰ ভাগ্য ভাল !

প্ৰতিটো দিশৰে সমান‌ শক্তি আছে আৰু প্ৰতিটো দিশৰে বৈশিষ্ট্য বেলেগ বেলেগ। আপোনাৰ ঘৰৰ সন্মুখৰ পথটো যিটো দিশতে থাকে সেইটো দিশতে আপোনাৰ ঘৰৰ মূল দুৱাৰখন ৰাখিব পাৰে।

Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Jibonor Shongram এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment