বেয়া অভ্যাস এটা সলনি কৰাৰ এটা ভাল উপায় হ’ল ভুল সিদ্ধান্তটোক ইফালে-সিফালে ঠেলি নিদিয়াকৈ সঠিক সিদ্ধান্ত লোৱা । ৱাৰেন বাফেটে এবাৰ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰাই জীৱনত ভাল অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিছিল । ৱাৰেন বাফেটৰ পৰামৰ্শ হ’ল বেয়া অভ্যাসবোৰ জীৱন আৰাম্ভ কৰাৰ আগতে সলনি কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলক এই অভ্যাসৰ দাস নহ’বলৈ পৰামৰ্শ দি ছাত্ৰ-ছাত্ৰীসকলক উপদেশ দি তেওঁ কয় যে, ‘আপুনি আপোনাৰ বয়সত সহজেই এই বেয়া অভ্যাসবোৰৰ পৰা মুক্তি পাব পাৰে, যিটো মোৰ বয়সত কৰাটো অতি কঠিন । তেনেহলে জানো আহক সেই তিনিটা বেয়া অভ্যাস কি – Follow these 3 tips from Warren Buffett to get rid of bad habits
ফোনটোৰ পৰা আঁতৰত দিনটো আৰম্ভ কৰক, বাফেটে কয় যে তেওঁৰ ফোনটো আগতে তেওঁৰ বিচনাতে আছিল । যেতিয়া মই সাৰ পালোঁ, তেতিয়া মই ফোনটো তুলি ল’ব বিচাৰিছিলো, নটিফিকেচন আৰু ইমেইলবোৰ চেক কৰিব বিচাৰিছিলো । এই অভ্যাসৰ বাবেই মোৰ গোটেই দিনটোৰ কথা অলপ ভাবিবলৈ সময় হোৱা নাছিল, অলপ প্ৰাৰ্থনা কৰিবলৈ ৰাতিপুৱা সময় পোৱা নাছিলো । তাৰ পিছত মই মোৰ মগজুক জোৰ কৰি সাৰ পাই মূৰটো পৰিষ্কাৰ কৰি ৰাখোঁ, কোনো ধৰণে অন্যমনস্ক নহয় । গতিকে মই মোৰ ফোনটো আন এটা কোঠালৈ লৈ যাবলৈ ধৰিলোঁ, মোৰ ফোনটো এয়াৰপ্লেন মোডত ৰাখিব ধৰিলো । ফলত মোৰ দিনটো সুস্থ হ’বলৈ ধৰিলে, ব্যায়ামৰ সহায়ত ভাল ব্ৰেকফাষ্ট আদি । এইখিনি কৰি মই দিনটোৰ পিছৰ অংশটো সুন্দৰকৈ কটাবলৈ আৰম্ভ কৰিবলৈ সক্ষম হ’লোঁ ।
আনৰ পৰাও শিকিব, উদ্যোগী, নেতা, প্ৰভাৱশালী লোকৰ হাতত সকলো সমস্যাৰ সমাধান আছে, কিন্তু সকলো প্ৰশ্নৰ উত্তৰ নাপাব । বহুতেই আনৰ পৰামর্শ গ্ৰহণ কৰিবলৈ অনিচ্ছুক, বহুতেই আছে অহংকাৰ কৰে আৰু আনৰ পৰামৰ্শ নুশুনে । কিন্তু বাফেটে ভাবে যে সফলতা নিৰ্ভৰ কৰে সঠিক মানুহৰ লগত মিলিব পৰাৰ ওপৰত । আপুনিও তেওঁলোকৰ পথক অনুসৰণ কৰিব পাৰে । গতিকে আপোনাৰ তুলনাত অধিক সফল মানুহৰ লগত কাম কৰাটো বুদ্ধিমানৰ কাম হ’ব । গতিকে জীৱন পথত আপুনি এনেকুৱা মানুহৰ লগত মিলি যাব লাগিব যাৰ পৰা আপুনি শিকিব পাৰে, আপোনাৰ কেৰিয়াৰৰ বিষয়ে পৰামৰ্শ ল’ব পাৰে, নিজৰ বাহিৰলৈ যোৱাৰ উপায় বিচাৰিব লাগিব ।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
নিজকে সময় দিয়ক, যিকোনো নেতাই কৰা আটাইতকৈ ডাঙৰ ভুলটো হ’ল তেওঁলোকে নিজকে সময় দিব নিবিচাৰে । আনক সময় দিয়া, ব্যৱসায়ৰ চোৱা-চিতা কৰা ইত্যাদিবোৰো কৰোতেই সময় শেষ হয়, ফলত নিজকে সময় দিয়া নহয় । অধ্যয়নত দেখা গৈছে যে আনৰ লগত কম সময় কটালে আপোনাৰ চিন্তা ক্ষমতা গভীৰ হৈ পৰে । গতিকে নিজকে অধিক সময় দিয়ক । আৰু যদি আপুনি সেইটো কৰিব বিচাৰে তেন্তে ৱাৰেন বাফেটৰ পৰামৰ্শ হ’ল আনক এনে কাম কৰিবলৈ দিয়ক যিবোৰ কম গুৰুত্বপূৰ্ণ কিন্তু অধিক সময় খৰচ কৰে ।