( Ginger will make your hair thicker, darker, you just need to know how to use it ) জানেনে অলপ আদাৰ ৰসে চুলিৰ বাবে কিমান কৰিব পাৰে ? আদাৰ ৰসত পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম থাকে । যদি আপুনি নিয়মিতভাৱে আদাৰ ৰস সেৱন কৰিব পাৰে । তেতিয়া আপোনাৰ শৰীৰটোও ভিতৰৰ পৰা ধুনীয়া হ’ব । একেদৰে যদি আপুনি এই আদাৰ ৰস আপোনাৰ চুলিৰ গুৰিত লগাব পাৰে, তেন্তে আপোনাৰ চুলি ডাঠ, ক’লা, কোমল আৰু সুন্দৰ হ’ব ।
কিন্তু তিনি-চাৰি চামুচ আদাৰ ৰস, সেউজীয়া চাহ আৰু কেইবাবিধো লৱণ অলপ পানীত উতলাই প্ৰতিদিনে গা ধোৱাৰ পিছত এইখিনি চুলিৰ গুৰিত লগাব লাগে । বিশেষজ্ঞসকলে কয়, আপোনাৰ চুলি সম্পূৰ্ণ ক’লা হৈ পৰিব লগতে উফিৰ সমস্যাটো অতি কম সময়ৰ ভিতৰতে নাইকিয়া হৈ যাব ।
যদি মিশ্ৰণটো আদাৰ ৰসৰ সৈতে টেঙা দৈৰ লগত ভালদৰে মিহলাই চুলিৰ গুৰিত লগাব পাৰে, আৰু যদি এই কামটো সপ্তাহত তিনিবাৰ কৰিব পৰা যায়, তেন্তে আপোনাৰ চুলি একেবাৰে ধুনীয়া হৈ পৰিব, চুলিৰ সকলো সমস্যা সম্পূৰ্ণৰূপে আঁতৰি যাব ।
আৰু পঢ়ক
>> মাজে সময়ে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ আচল কাৰণ কি ?
>> আপোনাৰ দাঁতে নিৰ্ধাৰণ কৰিব আপোনাৰ ব্যক্তিত্ব ! জানক ভৱিষ্যতে কি হ’ব পাৰে !
চুলিৰ যত্নত নিয়মিতভাৱে আদাৰ ৰস ব্যৱহাৰ কৰক । আদাৰ ৰসে চুলিখিনি কেনেকৈ ধুনীয়া কৰি ৰাখিব পাৰে নাজানে । তদুপৰি খালী পেটত আদাৰ ৰস খালেও শৰীৰত বিষাক্ত পদাৰ্থ মুক্ত হৈ থাকিব । সেইটো আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী উপাদান ।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।