এই কেন্দ্ৰৰ Scholarship-ত ছোৱালীয়ে মাহে ৩০০০ টকা আৰু ল’ৰায় ২৫০০ টকাকৈ লাভ কৰিব !

WhatsApp Follow

ইতিমধ্যে কেন্দ্রীয় চৰকাৰে দেশৰ প্রতিভাশালী দৰিদ্ৰ ছাত্র-ছাত্রীসকলৰ বাবে কেতবোৰ Scholarship প্রদান কৰিছে যাতে ধনৰ অভাৱত পঢ়া-শুনা বন্ধ নহয় ৷ এই প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰৰ এটা Scholarship-ৰ বিষয়ে আলোচনা কৰা হৈছে।

বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই Scholarship-ৰ বাবে আবেদন কৰিব পাৰিব। গতিকে এই Scholarship-ৰ বাবে আবেদন কৰিবলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন ? কেনেকৈ আবেদন কৰিব ? সকলো সবিশেষ জানিবলৈ আজিৰ প্ৰতিবেদনত পঢ়ক –

প্ৰধানমন্ত্ৰী Scholarship নামৰ এটা Scholarship কেন্দ্ৰীয় চৰকাৰে মহিলা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে। এই Scholarship-ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ বাবে প্ৰতিমাহে ৩০০০ টকা প্ৰদান কৰে ।

PM Scholarshipৰ বাবে যোগ্যতা !

১) এই Scholarship-ৰ বাবে কেৱল শ্বহীদ কেন্দ্ৰীয় বাহিনীৰ জোৱানৰ বিধৱা আৰু সন্তানেহে আৱেদন কৰিব পাৰিব।

২) আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক বা স্নাতক বা ডিপ্লমা পৰ্যায়ত ৬০% নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

৩) আবেদনকাৰীয়ে যিকোনো পেছাদাৰী ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰথম বছৰতে এই Scholarship-ৰ ধন লাভ কৰিব।

লগতে চাওক – দুখীয়া ল’ৰা ছোৱালী বাবে HDFC Bank-ৰ Scholarship, আবেদন কৰক !

৪) আবেদনকাৰী প্ৰাৰ্থীয়ে ইউজিচি বা এআইচিটিইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পাঠ্যক্ৰমটো কৰা হ’ব লাগিব।

৫) নিয়মীয়া পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়েহে এই সুবিধা লাভ কৰিব। অনলাইন বা অংশকালীন পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক এই Scholarship-ৰ বাবে যোগ্য বুলি গণ্য কৰা নহ’ব।

PM Scholarshipৰ পৰিমাণ !

প্ৰধানমন্ত্ৰী Scholarship-ৰ সুবিধা প্ৰতি বছৰে ৫৫০০ ছাত্ৰ – ছাত্ৰীক প্ৰদান কৰা হয় ৷ এই Scholarship-ৰ সুবিধা হিচাপে মহিলা প্ৰাৰ্থীয়ে প্ৰতিমাহে ৩০০০ টকা আৰু পুৰুষ প্ৰাৰ্থীয়ে ২৫০০ টকা লাভ কৰে ৷

PM Scholarship বাবে প্ৰয়োজনীয় নথিপত্ৰ !

১) আবেদন কৰিবলৈ আবেদনকাৰীক পৰিচয় প্ৰমাণ হিচাপে আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ প্ৰয়োজন।

২) জন্মৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ পত্ৰ বা মাধ্যমিক প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব।

৩) বেংক পাছবুক অৰ্থাৎ বেংক একাউণ্টৰ প্ৰথম পৃষ্ঠা।

৪) পূৰ্বৰ পাঠ্যক্ৰম যেনে উচ্চতৰ মাধ্যমিক স্নাতক আৰু ডিপ্লমা আদিৰ মাৰ্কশ্বীট।

৫) বোনাফাইড প্ৰমাণ পত্ৰ।

৬)পাছপ’ৰ্টৰ আকাৰৰ ফটো।

৭) পূৰ্বতে উল্লেখ কৰা কামত নিয়োজিত আবেদনকাৰীৰ পিতৃ-মাতৃ বা স্বামীৰ সকলো নথি।

Leave a Comment