Google Pay ৰ পৰা সহজে ১ লাখ টকা পাওক, পদ্ধতি জানি লওক

WhatsApp Follow

How to Apply for Google Pay Loan: যদি আপুনি এজন গুগল পে ব্যৱহাৰকাৰী তেন্তে এই ভাল খবৰটো কেৱল আপোনাৰ বাবে। গুগল পেই (Google Pay) ব্যৱহাৰকাৰীৰ বাবে আনিছে তৎক্ষণাত ব্যক্তিগত ঋণ (Personal Loan) ব্যৱস্থা। ঋণৰ অতি প্ৰয়োজন হ’লে ১ মিনিটৰ ভিতৰত ১ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব।

এই ঋণ আপুনি ঘৰতে বহি ল’ব পাৰিব। এই ঋণ কেনেকৈ পাব? এই ঋণৰ বাবে কোনে যোগ্য হ’ব? এই বিষয়সমূহৰ বিষয়ে আজি এই প্ৰতিবেদনত অধিক জানিব পাৰিব। সময়ৰ লগে লগে ডিজিটেল লেনদেনৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ভাৰততো ডিজিটেল লেনদেন দিনক দিনে বৃদ্ধি পাইছে।

বৰ্তমান এই দেশৰ বেছিভাগ মানুহেই অনলাইন পেমেণ্ট কৰাটো পছন্দ কৰে। Google Pay হৈছে এক অতি জনপ্ৰিয় ডিজিটেল লেনদেন প্লেটফৰ্ম। বৰ্তমান গুগল পে’ৰ জৰিয়তে ঋণ ল’ব পাৰিব। জনপ্ৰিয় অনলাইন প্লেটফৰ্ম গুগল পেই (Google Pay) বৰ্তমান গ্ৰাহকৰ বাবে ১ লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণৰ সেৱা আগবঢ়াইছে।

গুগল পেই (DMI Finance Limited) সৈতে টাই-আপত এই ঋণ সেৱা আগবঢ়াইছে। যদি আপুনিও এই ঋণ সেৱা লাভ কৰিব বিচাৰে তেন্তে আপুনি গুগল পে ব্যৱহাৰকাৰী হ’ব লাগিব।

যদি আপুনি Google Pay ব্যৱহাৰকাৰী হয় তেন্তে আপুনি দুগুণ সুবিধা লাভ কৰিব পাৰে। কিন্তু আপোনাৰ ক্ৰেডিট হিষ্ট্ৰী ভাল হ’ব লাগিব। যদি আপোনাৰ ক্ৰেডিট হিষ্ট্ৰী ভাল হয় তেন্তে এক মিনিটৰ ভিতৰত ১ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব। Google Pay ব্যৱহাৰকাৰীৰ সাময়িক সুবিধাৰ বাবে Google Pay এই ঋণ সেৱা আৰম্ভ কৰিছে।

আৰু পঢ়ক
>> অলপ বিনিয়োগ কৰি ১ লাখ টকাৰ আজীৱন পেঞ্চন পাব !
>> Google চাৰ্চ কৰি ঘৰৰ পৰাই টকা উপাৰ্জন কৰক

(DMI Finance Limited) গুগল পেৰ জৰিয়তে এই ঋণৰ সেৱা আগবঢ়াব। ঋণৰ সুবিধা ল’বলৈ আপুনি গুগল পে’ৰ বাবে পূৰ্ব-যোগ্যতা অৰ্জন কৰিব লাগিব। যদি আপুনি প্ৰি-ক্বালিফাইড নহয় তেন্তে এই ঋণ সেৱা নাপাব।

ঋণৰ বাবে আবেদন কৰাৰ পিছত যদি আপুনি ঋণৰ বাবে উপযুক্ত বুলি বিবেচিত হয় তেন্তে কেইমিনিট মানৰ ভিতৰতে ঋণৰ পৰিমাণ পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত জমা হ’ব। এই ঋণৰ জৰিয়তে ১ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ৩ বছৰৰ ভিতৰত এই ঋণ পৰিশোধ কৰিব লাগিব। বৰ্তমান ভাৰতৰ ১৫ হাজাৰৰো অধিক পিন কোড এলেকাত এই ঋণ সেৱা আৰম্ভ কৰা হৈছে।

গুগল পেৰ পৰা ঋণৰ বাবে কেনেকৈ আবেদন কৰিব?
এই ঋণৰ সুবিধা ল’বলৈ প্ৰথমে আপোনাৰ ডিভাইচত গুগল পে এপ ইনষ্টল কৰিব লাগিব। যদি আপুনি প্ৰি-ক্বালিফাইড হয় তেন্তে গুগল পেৰ প্ৰমোচনত Money Option দেখা পাব।

তাৰ পৰাই আপুনি ঋণৰ বিকল্পটো বাছি ল’ব। তাৰ পিছত Offer option লৈ যাওক। DMI বিকল্প থাকিব। তাৰ পৰাই ঋণৰ বাবে আবেদন কৰিব পাৰিব। তাৰ পিছত যদি আপুনি ঋণৰ বাবে উপযুক্ত বুলি বিবেচিত হয় তেন্তে কেইমিনিট মানৰ ভিতৰতে আপোনাৰ ঋণৰ ধন আপোনাৰ বেংক একাউণ্টত জমা হ’ব।

1 thought on “Google Pay ৰ পৰা সহজে ১ লাখ টকা পাওক, পদ্ধতি জানি লওক”

Leave a Comment