IPS ঐশ্বৰ্যা সিংঃ বাস্তৱৰ সন্মুখত যেতিয়া সপোন সৰু হৈ পৰে

WhatsApp Follow

কিছুমান বাস্তৱৰ সন্মুখত কেতিয়াবা সপোনো সৰু হৈ পৰে। আৰু তেনে এক বাস্তৱৰে মুখামুখি হ’ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং। এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কেইবাটাও দশক নিজৰ সুনিপুণতাৰ পৰিচয় দিয়াৰ পাছত পিতৃ হিচাপেও এজন সফল ব্যক্তি বুলি পৰিগণিত হ’ল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী।

জি পি সিঙৰ খবৰটো ইতিমধ্যে সকলোৱে পাইছেই। সকলোৱে একেমুখে অভিনন্দন জ্ঞাপন কৰিছে আৰক্ষী বিষয়াগৰাকীক। উল্লেখযোগ্য যে, অসমৰ ডিজিপি জি পি সিঙৰ কন্যা, ৭৪ বেটছৰ IPS ঐশ্বৰ্য্য সিঙে কালি হায়দৰাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল নেচনেল পুলিচ একাডেমীৰ পৰা আইপিএছ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।

পিতৃ জি পি সিঙৰ পদাংক অনুসৰণ কৰি আইপিএছ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে কন্যা ঐশ্বৰ্যা সিঙে। সৰুৰে পৰাই এটা সপোনৰ পিছা কৰি ঐশ্বৰ্যা সিঙে সকলো কাম অতি নিয়াৰিকৈ কৰি গৈছিল। ২০২১ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৯৭ সংখ্যক স্থান লাভ কৰি ঐশ্বৰ্য্য সিঙ আইপিএছৰ বাবে মনোনীত হৈছিল। ইয়াৰ পূৰ্বেও তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল।

কন্যাৰ সফলতাত এতিয়া অতিকৈ সুখী জি পি সিং। ছচিয়েল মিডিয়াত ইতিমধ্যে তেওঁ নিজৰ সুখ ব্যক্ত কৰিছে। সকলোৱে আশা কৰে নিজৰ সন্তান এদিন ভাল মানুহ আৰু ডাঙৰ মানুহ হব। সেই আশাকেই বাস্তৱ ৰূপ দি কন্য়া ঐশ্বৰ্যা সিঙে পিতৃ জি পি সিঙক উপহাৰ দিলে ।

Leave a Comment