যদি আধাৰ কাৰ্ড আছে তেন্তে ৫ লাখ টকাৰ ঋণ ল’ব পাৰিব, সম্পূৰ্ণ পদ্ধতি চাওক

WhatsApp Follow

ঋণ ল’ব বিচাৰিলে আপোনাৰ বাবে ভাল খবৰ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী জনসমৰ্থ ঋণ যোজনা নামেৰে এটা নতুন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ পৰা আপুনি শিক্ষা, খেতি, ব্যৱসায় আদিৰ বাবে ঋণ ল’ব পাৰে, বাবে কেৱল আধাৰ কাৰ্ডেৰে আবেদন কৰিব পাৰিব। এই চৰকাৰী ঋণৰ বাবে আপুনি পোনপটীয়াকৈ অনলাইনযোগে আবেদন কৰিব পাৰিব। কি কি নথি-পত্ৰৰ প্ৰয়োজন ? কিমান টকা পাব ? অৰ্থাৎ এই ঋণৰ বিষয়ে অধিক জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক –

প্ৰধানমন্ত্ৰী জনসামৰ্থ ঋণ যোজনা (jana samarth Loan)

কেন্দ্ৰীয় চৰকাৰৰ এটা ঋণ সম্পৰ্কীয় পৰ্টেল হৈছে jana samarth loan portal। এই পৰ্টেলৰ অধীনত ১৩খন আঁচনি আৰু ৬টা ঋণ শিতান আছে। অৰ্থাৎ আপুনি ১৩খন ঋণ আঁচনিৰ পৰা ঋণ ল’ব পাৰিব আৰু প্ৰতিখন আঁচনি বেলেগ বেলেগ শ্ৰেণীৰ অন্তৰ্গত। বৰ্তমান এই পৰ্টেলত মাত্ৰ ৫ খন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব।

নংঋণৰ শ্ৰেণীঅধীনস্থ আঁচনিৰ সংখ্যা
১)শিক্ষা ঋন১ টা
২)কৃষি ঋন১ টা
৩)কৃষি আন্তঃগাঁথনি ঋণ৩ টা
৪)ব্যৱসায়িক কাৰ্য্যকলাপ৬ টা
৫)জীৱিকাৰ ঋণ১ টা

এই ঋণৰ বাবে কোনে আবেদন কৰিব পাৰিব ?

কেৱল ভাৰতীয়ইহে এই ঋণৰ বাবে আৱেদন কৰিব পাৰিব। আৰু ব্যক্তিজনৰ আধাৰ কাৰ্ড থাকিব লাগিব। এই পৰ্টেলটোত পাঁচটা শিতান আছে আৰু পাঁচটা শিতানত বিভিন্ন আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে তেতিয়া আপুনি যিটো শ্ৰেণীত ঋণ ল’ব বিচাৰে সেইটো নিৰ্বাচন কৰি ল’নৰ বাবে নিৰ্বাচিত হৈছে নে নাই চাব লাগিব। ইয়াৰ বাবে আপুনি নিজৰ বিষয়ে বিভিন্ন তথ্য দিব লাগিব। যদি আপুনি ঋণৰ বাবে যোগ্য তেন্তে ঋণৰ আঁচনিসমূহ আপোনাৰ বাবে মুকলি হ’ব আৰু আপুনি সেইবোৰত ঋণৰ বাবে আবেদন কৰিব পাৰিব।

আৰু পঢ়ক – ডাকঘৰৰ PLI আঁচনি, প্ৰতিমাহে ২৬৭ টকা সঞ্চয় কৰি ২ লাখ ৫৬ হাজাৰ টকা পাব !

আবেদন কৰিবলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন ?

এতিয়া চাওঁ এই কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ বাবে আৱেদন কৰিবলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন –

  • নিজৰ আধাৰ কাৰ্ড।
  • পাছপ’ৰ্টৰ আকাৰৰ ৰঙীন ফটোগ্ৰাফ।
  • পেন কাৰ্ড
  • বেংকৰ পাছবুক
  • কাষ্ট চাৰ্টিফিকেট (যদি আছে)

এই ঋণৰ বাবে কেনেকৈ আবেদন কৰিব ?

এতিয়া এই ঋণৰ বাবে কেনেকৈ আবেদন কৰিব লাগে ষ্টেপ বাই ষ্টেপ চাওক –

  • প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ jana samarth loan portal চাব লাগিব।
  • ইয়াৰ পিছত আপুনি আপোনাৰ শ্ৰেণীটো নিৰ্বাচন কৰিব লাগিব।
  • ইয়াৰ পিছত যদি আপুনি ব্যৱসায়িক ঋণ লৈছে তেন্তে আপুনি ঋণ ল’ব বিচৰা ব্যৱসায়টো বাছি ল’ব লাগিব।
  • তাৰ পিছত আপুনি নিৰ্বাচন কৰিব লাগিব যে আপুনি নতুন ব্যৱসায়ৰ বাবে ঋণ ল’ব বিচাৰে নে আপোনাৰ পুৰণি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ ল’ব বিচাৰে।
  • তাৰ পিছত আপুনি ৮ম শ্ৰেণীত উত্তীৰ্ণ হৈছে নে নাই নিৰ্বাচন কৰিব লাগিব।
  • তাৰ পিছত আপুনি ইডিপি ট্ৰেইনিং হয় নে নহয় নিৰ্বাচন কৰিব লাগিব। যদি আপুনি এডিপি ট্ৰেইনিং কৰে তেন্তে আপুনি সহজে ঋণ পাব আৰু এই ক্ষেত্ৰত আপুনি অধিক ৰাজসাহায্য পাব।
  • ইয়াৰ পিছত আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰকৃতি নিৰ্বাচন কৰিব লাগিব।
  • তাৰ পিছত আপুনি পুৰুষ নে মহিলা অৰ্থাৎ আপোনাৰ লিংগ নিৰ্বাচন কৰিব লাগিব।
  • তাৰ পিছত SC,St বা OBC বা General নিৰ্বাচন কৰিব লাগিব।
  • তাৰ পিছত আপোনাৰ ব্যৱসায়ৰ বাবে কিমান টকা লাগে আৰু কিমান টকা আছে আৰু কিমান ধাৰ ল’ব বিচাৰে আদি সকলো সবিশেষ পূৰণ কৰিব লাগিব।
  • তাৰ পিছত সকলো জমা দিয়াৰ পিছত আপোনাৰ সন্মুখত বিভিন্ন ধৰণৰ ঋণ আঁচনি খোলা হ’ব আৰু সেই আঁচনিবোৰত আপুনি ঋণৰ বাবে আবেদন কৰিব পাৰিব।

ঋণৰ বাবে আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

Apply Now

Leave a Comment