১০ হাজাৰ আহি আছে 5G Jio ফোন, কেনেকৈ ক্রয় কৰিব ?

WhatsApp Follow

আকৌ এবাৰ নেট জগতত চৰ্চা আৰম্ভ হৈছে Jio Phone 5G ৰ। ইয়াৰ এটা কাৰণ হ’ল শেহতীয়াকৈ টুইটাৰত এই ফোনটোৰ এখন ফটো ফাদিল হৈছে। ইয়াত দেখা গৈছে যে ফোনটোৰ বেক পেনেলত ২টা কেমেৰা আছে। যিটো একাউণ্টৰ পৰা ছবিখন ফাদিল হৈছিল, সেই একাউণ্টত দাবী কৰা হৈছে যে জিঅ’ ফোন ​​৫জিত ১৩ মেগাপিক্সেলৰ প্ৰাইমাৰীৰ লগতে ২ মেগাপিক্সেলৰ কেমেৰা থাকিব।

যদিও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও বজাৰত হুলস্থুলৰ সৃষ্টি হৈছে যে দীপাৱলীৰ সময়ত মুকলি কৰা হ’ব Jio Phone 5G। ৰিলায়েন্সে চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা টেলিকম জগতত 5G সেৱা আৰম্ভ কৰিছে। প্ৰতিমাহে নতুন নতুন চহৰ Jio 5G তালিকাত সংযোজন হৈ আছে। এতিয়া মুকেশ আম্বানীৰ কোম্পানীয়ে সেই সকলো লোকৰ হাতত জিঅ’ ফোন ​​5Gগতাই দিবলৈ আগ্ৰহী।

টেক ৰিপ’ৰ্টৰ তথ্য অনুসৰি এই ফোনত থাকিব ৬.৬ ইঞ্চি ডিছপ্লে। সন্মুখৰ পেনেলত পানীৰ টোপালৰ খাঁজ থাকিব পাৰে। টুইটাৰত ফাদিল হোৱা ফোনটোৰ ছবিখন ডামি মডেল বুলি অনুমান কৰা হৈছে। নতুন ফোনটো বেলেগ হ’ব পাৰে। লিক হোৱা ফোন ছবিখনত এটা ল’গ’ও আছে।

ল’গ’টোত লিখা আছে ‘আলটিমেট স্পীড আলটিমেট এক্সপিৰিয়েন্স’, অৰ্থাৎ জিঅ’ই দাবী কৰিছে যে ই হাইস্পীড 5G নেটৱৰ্ক প্ৰদান কৰিব। টুইটটোত ফোনটোৰ ডাউনলোড আৰু আপলোডৰ গতিৰ কথাও উল্লেখ কৰা হৈছে।

Jio Phone 5G ৰ ডাউনলোড স্পীড 470.17Mbps আৰু আপলোড স্পীড 34.25Mbps। ফোনটোৰ প্ৰচেছৰ ইউনিছক চিপছেট বা মিডিয়াটেক ডাইমেনচিটি ৭০০ প্ৰচেছৰ হ’ব পাৰে। মূল কেমেৰা ১৩ মেগাপিক্সেল আৰু চেলফি কেমেৰা ৫ মেগাপিক্সেল হ’ব। LED ফ্লেছৰ সৈতে আহে।

Jio Phone ৰ আন আন লিক হোৱা ফিচাৰৰ মতে ইয়াত থাকিব 4GB ৰেম আৰু 32GB ষ্ট’ৰেজ। ফোনটোত থাকিব চাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰ। অপাৰেটিং চিষ্টেমৰ ক্ষেত্ৰত এণ্ড্ৰইড ভিত্তিক প্ৰগতি অ’ এছ উপলব্ধ হ’ব। ইয়াক নিশ্চয়তাযুক্ত বৈশিষ্ট্য বুলি ক’ব পাৰি। আগন্তুক দিনত ফোনটোৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক তথ্য জানিবলৈ আমি আশা কৰিছো।

দাম কিমান হ’ব পাৰে?
Jio Phone 5G ৰ সঠিক মূল্য বৰ্তমান ক’ব নোৱাৰি। অৱশ্যে এই স্মাৰ্টফোনটোৰ সম্ভাৱ্য মূল্য ১০ হাজাৰ টকা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ১০ হাজাৰ বা তাতকৈ কম মূল্যত লঞ্চ হ’ব পাৰে Jio Phone 5G। এইটো হ’ব কোম্পানীটোৰ দ্বিতীয়টো স্মাৰ্টফোন। ২০২১ চনত জিঅ’ই প্ৰথমটো জিঅ’ ফোন ​​নেক্সট মুকলি কৰিছিল।

Leave a Comment