মহিলা উদ্যমিতা আঁচনি আবেদন ফ্রম PDF Download, আবেদন পদ্ধতি জানক !

WhatsApp Follow

ৰাজ্যৰ লাখ-লাখ গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মুকলি মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ জৰিয়তে ১০,০০০ টকা লাভ কৰিব ৰাজ্য মহিলাসকলে। ৰাজ্যৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকাকৈ মহিলাসকলক দিব। পৰৱৰ্তী সময়ত ২৫,০০০ টকাকৈ লাভ কৰিব মহিলাসকলে। ফ্রম PDF Download কৰিবলৈ তলত ক্লিক কৰক 👇👇

২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা দিয়া ধন উভতাই দিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে।

চৰকাৰৰ ১০,০০০ টকা পাবলৈ কি কি চৰ্ত মানিব লাগিব ?

প্ৰথমে মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিব নে নাই সেয়া চোৱা হ’ব। দ্বিতীয়তে মহিলাগৰাকীয়ে নিজৰ ছোৱালী সন্তানক স্কুললৈ পঠিয়াম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। সাধাৰণ শ্ৰেণী আৰু OBC-ৰ মহিলাই ৩টা সন্তান থাকিলে লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি মহিলা সকলে ৪টা সন্তান থাকিলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। ফ্রম PDF Download কৰিবলৈ তলত ক্লিক কৰক 👇👇

আনহাতে এই আঁচনি সুবিধা লাভ কৰা মহিলাই জন্মনিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিও চৰকাৰক দিব লাগিব। লগতে অমৃত বৃক্ষ আন্দোলনত মহিলা সকলে ৰোপণ কৰা গছপুলিটিৰ বৰ্তমানৰ ফটো দিব লাগিব। ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত এই আবেদন পত্ৰ দিয়া হ’ব। প্ৰতিগৰাকী মহিলাই স্থানীয় পঞ্চায়তৰ পৰা লাভ কৰিব প্ৰপত্ৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বাবদ চৰকাৰৰ ব্যয় হ’ব ৪ হাজাৰ কোটি টকা।

আৰু পঢ়ক – অৰুণোদয় 3.0 আঁচনি 2024, অনলাইন আবেদন কেনেদৰে কৰিব !

ফ্রম PDF Download কৰিবলৈ তলত ক্লিক কৰক 👇👇

Download

Leave a Comment