মকৰ সংক্ৰান্তিৰ সোণৰ দাম কমিল ! বছৰৰ আৰম্ভণিতে সোণ কিনাৰ এক সুন্দৰ সুযোগ।

WhatsApp Follow

Makar Sankranti Lower Gold Rate – সোণ অতি মূল্যৱান ধাতু। প্ৰাচীন কালৰ পৰা সোণৰ মূল্য আজিও আছে। বৰং বৰ্তমান সময়ত সোণৰ গুৰুত্ব বাঢ়িছে। পূৰ্বৰ সময়ত সোণ কেৱল গহনা বা মুদ্ৰা হিচাপেহে প্ৰচলিত আছিল। কিন্তু আজিৰ সময়ত গহনা ৰ বাহিৰেও সোণ বিনিয়োগৰ অন্যতম মাধ্যম। কিন্তু সোণত বিনিয়োগ কৰিবলৈ ইয়াৰ দামৰ বিষয়ে জ্ঞান থকাটো প্ৰয়োজনীয়। ইয়াৰ দাম প্ৰতিদিনে বৃদ্ধি পায়। চহৰ অনুসৰি সোণৰ দাম বেলেগ বেলেগ।

মকৰ সংক্ৰান্তিৰ দিনা হ্ৰাস পালে সোণৰ দাম

সূত্ৰ অনুসৰি আজি অসমত মহানগৰীত সোণৰ মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। যোৱা কিছুদিনত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। কিন্তু ডলাৰ সূচকাংক আৰু আমেৰিকাৰ ট্ৰেজাৰী পুনৰ বৃদ্ধি পোৱাৰ ফলত সোণৰ মূল্য হ্ৰাস পায়। আজি অসমত সোণৰ দাম কিমান ? জানো আহক –

অসমত সোণৰ মূল্য

আজি ১৮ জানুৱাৰী, বৃহস্পতিবাৰ সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। আজি ১ গ্ৰাম ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য ক্ৰমে ১০ টকা আৰু ১২ টকা হ্ৰাস পাইছে। আনহাতে, ৰূপৰ মূল্য ৩০০ টকা হ্ৰাস পাইছে। আজি মাল্টি ক’ম’ডিটি এক্সচেঞ্জত ফেব্ৰুৱাৰী মাহৰ সোণৰ ফ্যুচাৰ ০.১৯ শতাংশ হ্ৰাস পায়। আজিৰ দাম অনুসৰি ১০ গ্ৰাম সোণৰ মূল্য, ৬২৪৪২ টকা। আনহাতে, মাৰ্চ মাহৰ ৰূপৰ ফ্যুচাৰৰ মূল্য ০.২৯ শতাংশ হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৭২৪১৭ টকা হয়।

মঙলবাৰে খুচুৰা বজাৰত হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। আজি অসমত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৫৮০৫০ টকা। অৰ্থাৎ ১ গ্ৰাম সোণৰ দাম ৫৮০৫ টকা। কালি এই সমতুল্য সোণৰ মূল্য আছিল ৫৮১৫০ টকা। অৰ্থাৎ প্ৰতি ১০ গ্ৰামৰ বিপৰীতে ১০০ টকা হ্ৰাস পালে। আনহাতে আজি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৬৩৩৩০ টকা। কালি ইয়াৰ মূল্য আছিল ৬৩৪৪০ টকা। অৰ্থাৎ ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১১০ টকা হ্ৰাস পাইছে। ইয়াৰ উপৰিও আজি অসমত প্ৰতি কেজি ৰূপৰ মূল্যও হ্ৰাস পাইছে। আজি প্ৰতি কেজি ৰূপৰ দাম ৭৬৫০০ টকা। কালি ইয়াৰ দাম আছিল ৭৬৮০০ টকা।

আৰু পঢ়ক – Mutual Fund কি ? আৰু কেনেকৈ বিনিয়োগ কৰিব লাগে !

দেশৰ বিভিন্ন চহৰত সোণৰ মূল্য

অসমৰ বাহিৰেও আজি দেশৰ অন্যান্য মেট্ৰ’ চহৰত সোণৰ দাম কেনেদৰে চলি আছে চাওঁক –

  • মুম্বাই- ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য (প্ৰতি ১০ গ্ৰাম) ক্ৰমে ৬৩৩৩০ টকা আৰু ৫৮০৫০ টকা। ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৭৪৯০ ​​টকা।
  • দিল্লী- ১০ গ্ৰাম পকা সোণৰ মূল্য ৬৩৪৮০ টকা। ১০ গ্ৰাম ১৮ কেৰেট সোণৰ মূল্য ৪৭৬২০।
  • চেন্নাই- ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য ক্ৰমে ৪৭৯২০, ৫৮৫০০, ৬৩৮২০ টকা।

Leave a Comment