Pan-Aadhaar link (পেন-আধাৰ লিংক): আপোনাৰ Pan Card আধাৰ কাৰ্ডৰ সৈতে link কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো ৩০ জুনৰ ভিতৰত যদি আপুনি আপোনাৰ আধাৰ-পেন লিংক নকৰে তেন্তে আপোনাৰ পেন কাৰ্ডখন কোনো কামত নাআহিব অৰ্থাৎ নিষ্ক্ৰিয় (deactivate) হৈ যাব।
ইয়াৰ লগতে, আয়কৰ আইনৰ ধাৰা ২৭২B ৰ অধীনত যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পেন আৰু আধাৰৰ সৈতে সংযুক্ত নকৰে, তেন্তে আপুনি ইয়াৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব। আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় হ’লে কি কি প্ৰভাৱ পৰিব।
যদি আপোনাৰ পেন কাৰ্ডখন বন্ধ হৈ যায় তেনেহলে আপুনি তলত দিয়া সুবিধা সমূহ উপভোগ কৰিব নোৱাৰিব। যেনে Bank Account Opening, Mutual Funds বা শ্বেয়াৰ ক্ৰয় কৰা, ইয়াৰ উপৰিও আপুনি ৫০,০০০ টকাৰ অধিক লেনদেন কৰিব নোৱাৰে। গতিকে পেন কাৰ্ড সকলোৰ বাবে বাধ্যতামূলক যদি আপুনি ওপৰৰ সুবিধাবোৰ লাভ কৰিব বিচাৰে।
এনে ক্ষেত্ৰত আপুনি এই সকলোবোৰ কাম কৰিব নোৱাৰিব। আপুনি আপোনাৰ Pan Card Status Check কৰিব লাগিব, যাতে আপুনি আপোনাৰ আধাৰৰ লগত Pan Card ৰ সংযোগ কৰা হৈছে নে হোৱা নাই এইটো জানিব পাৰে? (How to check if my Aadhaar and Pan are linked) আৰু যদি লিংক কৰা নহয় তেন্তে ৩০ জুনৰ ভিতৰত কৰিব লাগিব।
কেনেকৈ Pan Card Aadhar Card লিংক কৰিব। সেই বিষয়ে তলত এটা ভিডিও দিয়া আছে তাতে ক্লিক কৰি জানিব পাৰিব।
Pan Card Aadhar Card
Official Website | Click Here |